![]()
নিউজ ডেস্কঃ
ঐতিহাসিক আইন গৃহীত হ’ল জার্মানীত। এতিয়াৰে পৰা যিকোনো জার্মান সংস্থাৰ বোর্ডত অন্তত এগৰাকী মহিলা সদস্য ৰখাটো বাধ্যতামূলক কৰা হ’ল। চাৰি বা তাৰ বেছি সদস্যৰ বোর্ড হ’লেই ৰাখিব লাগিব মহিলা প্রতিনিধি। বুধবাৰে জার্মানীৰ সংসদত এই বিল গৃহীত হয়।
জার্মানীৰ আইনমন্ত্রী ক্রিস্টিন ল্যামব্রেখটে জনোৱা মতে, এই আইনৰ মাধ্যমেৰে এক গুৰুত্বপূৰ্ণ বার্তা যাব কর্পোৰেট সংস্থাসকললৈ। উচ্চমানৰ গুণসম্পন্ন মহিলাসকলক কামত লগোৱাৰ ই এক ডাঙৰ সুযোগ বুলি অনুভৱ কৰে তেওঁ। আনহাতে, জার্মানীৰ বিদেশমন্ত্রী ফ্রাঞ্জিস্কা গিফিৰ মন্তব্য, ‘ভবিষ্যতৰ আধুনিক সমাজ গঠনৰ পথত আগবাঢ়িছে জার্মানী, সেইটোৱেই দেখুৱালো আমি।’
উল্লেখযোগ্য যে এই মুহূর্তত অর্থনীতিৰ বিচাৰত ইউৰোপৰ শ্ৰেষ্ঠ দেশ জার্মানী। কিন্তু কর্মক্ষেত্রত উচ্চপদত মহিলা প্রতিনিধিৰ উপস্থিতি বহু পিছত। শীর্ষ ৩০টা জার্মান লিস্টেড সংস্থাৰ মেনেজমেন্ট বোর্ডৰ সদস্য হিচাবে মহিলাসকলৰ হাৰ আছিল মাত্র ১২.৮ শতাংশ। আমেৰিকাত একেই ক্ষেত্রত কর্মৰত ২৪.৫ শতাংশ। ব্রিটেইনত এই হাৰ ২২.২ শতাংশ। এইবাৰ সেই ঘাটি পূৰণৰ লক্ষ্যতেই জাৰ্মানীৰ এই পদক্ষেপ।












