![]()
নিউজ ডেস্কঃ
উদ্দেশ্য আছিল পথৰ কাঁইট আঁতৰোৱা। সেয়ে ৩ বছৰ পূৰ্বে খাদ্যত বিষ মিহলোৱা হয়। এই অভিযোগ ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্র ইছৰোৰ বিজ্ঞানী তপন মিশ্রৰ। এই বিষয়ে অৱশ্যে ইছৰোই এতিয়াও মুখ খোলা নাই।
ফেচবুক পোষ্টত মিশ্রই কয়, ২০১৭ চনৰ ২৩ মে’ত তেওঁক আৰ্ছেনিক ট্রাইঅক্সাইডৰ দৰে মাৰাত্মক বিষ দিয়া হয় ডোচাৰ চাটনিৰ সৈতে। বেঙ্গালুৰুত ইছৰোৰ কাৰ্যালয়ত এটি প্রচাৰমূলক সাক্ষাৎকাৰ হৈছিল। তাতেই এই কাণ্ডটি ঘটে।
তপন মিশ্রই জনায়, উক্ত খাদ্য খাই তেওঁ অসুস্থ হৈ পৰে। শ্বাসকষ্ট আৰম্ভ হয়। গাত এলাৰ্জিও হয়। উল্লেখ্য, মিশ্র বৰ্তমান ইছৰোৰ জ্যেষ্ঠ উপদেষ্টা। ইয়াৰ পূৰ্বে ইছৰোৰ আহমেদাবাদ কেন্দ্রৰ সঞ্চালক আছিল তেওঁ। অহা মাহত তেওঁ অৱসৰ গ্ৰহণ কৰিব।
ফেচবুকত ‘লং কেপ্ট ছিক্রেট’ শিৰোনামত এটি পোষ্ট দি তেওঁ দাবী কৰে, ২০১৭ চনৰ জুলাইত কেন্দ্রীয় গৃহ মন্ত্ৰালয়ৰ এগৰাকী নিৰাপত্তা বিষয়াই তেওঁ বিষ মিহলোৱা খাদ্যৰ বিষয়টি জনায়। তেওঁক চিকিৎসকৰ ওচৰলৈ যাবলৈও পৰামর্শ দিয়ে বিষয়াগৰাকীয়ে। এই বিষয়ত দিল্লী এইমছৰ মেডিকেল ৰিপোৰ্টো ফেচবুকত পোষ্ট কৰে তেওঁ। অৱশ্যে ইমান দিনে কিয় তেওঁ মুখ খোলা নাছিল সেইটো জানিব পৰা হোৱা নাই।
তপন মিশ্ৰৰ মতে, ‘ইয়াৰ আঁৰত কোনো গুপ্তচৰৰ হাত আছে। সেনা আৰু বাণিজ্যিক ক্ষেত্রত গুৰুত্বপূর্ণ অৱদান আগবঢ়োৱা এনেকুৱা এজন এক বিজ্ঞানীক ৰাস্তাৰ পৰা আঁতৰাবৰ বাবেই এয়া কৰা হৈছিল বুলি অনুমান হয়।’ তেওঁ তদন্তৰো দাবী কৰে।












