![]()
নিউজ ডেস্কঃ
ধৰ্মান্তৰকৰণ বিৰোধী আইনৰ বৈধতা সন্দৰ্ভত তদন্ত কৰিব দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। উল্লেখ্য, ‘লাভ জিহাদ’ ৰুধিবলৈ এই আইন কার্যকৰী কৰা উত্তৰ প্রদেশ, উত্তৰাখণ্ড আৰু হিমাচল প্রদেশৰ লগতে কেন্দ্ৰৰ পৰাও এই সম্পৰ্কে ব্যাখ্যা বিচাৰি জাননী প্ৰেৰণ কৰিছে ছুপ্ৰিম কোৰ্টে। বিষয়টোৰ ওপৰত পুনৰ শুনানি হ’ব ৪ সপ্তাহ পিছত।
র্মনিৰপেক্ষতা, সমানাধিকাৰ আৰু বৈষম্যহীনতাৰ কথা যিহেতু দেশৰ সংবিদানত উল্লেখ আছে, তেনে ক্ষেত্ৰত এই আইনৰ যুক্তিযুক্ততা সন্দৰ্ভত একাধিক পিটিচন জমা হৈছিল আদালতত। তাৰ ভিত্তিতেই বুধবাৰে এই সিদ্ধান্তত উপনীত হয় দেশৰ সর্বোচ্চ আদালত।












