![]()
নিউজ ডেস্কঃ
কেৱল ব্রিটেইনে নহয়, দক্ষিণ আফ্রিকাতো লাভ কৰা গৈছে কৰোনাৰ নতুন প্ৰজাতি। সেই লৈ এতিয়া নতুন উদ্বেগ সৃষ্টি হৈছে সমগ্ৰ বিশ্বত। ব্রিটিছ বিজ্ঞানীসকলৰ সংশয়, এই নতুন প্রজাতিৰ ওপৰত কৰোনা টীকাই কাম নকৰিবও পাৰে।
সোমবাৰে ব্রিটেইনৰ স্বাস্থ্য সচিব মেট হেনককে জনাইছে, দক্ষিণ আফ্রিকাত কৰোনাৰ যি প্ৰজাতি পোৱা গৈছে, সেয়াই চিন্তা বঢ়াইছে। ফাইজাৰৰ সহযোগী বায়োএনটেক কোম্পানীৰ চিইও উঘুৰ ছাহিন আৰু অক্সফোর্ড বিশ্ববিদ্যালয়ৰ মেডিকেল অধ্যাপক জ বেলে কয় যে কৰোনাৰ নতুন প্রজাতিৰ ওপৰত টীকাৰ কার্যকাৰিতা পৰীক্ষা কৰা হৈছে। টীকাৰ কোনো সালসলনি প্রয়োজন হ’লে আৰু ছয় সপ্তাহ সময় লাগিব।
এই কথা দাবী কৰিছে দেশখনৰ সংবাদ মাধ্যমে। অৱশ্যে টীকাই যে একেবাৰে কাম নকৰিব, তাৰ প্রমাণো কিন্তু পোৱা হোৱা নাই। বায়োএনটেকৰ চিইও ছাহিনৰ আশা, তেওঁলোকৰ টীকাই ব্রিটেইনত লাভ কৰা নতুন প্ৰজাতিৰ ওপৰত কাম কৰিব। কিন্তু অক্সফোর্ড বিশ্ববিদ্যালয়ৰ মেডিকেল অধ্যাপক বেলেৰ মতে, দক্ষিণ আফ্রিকাৰ প্রজাতিৰ ওপৰত টীকা কিমান দূৰ কাম কৰিব, তাত প্রশ্ন আছে।












