![]()
নিউজ ডেস্কঃ
তাজমহল চৌহদত গেৰুৱা পতাকা উৰুৱাই গ্ৰেপ্তাৰ হ’ল ৪ হিন্দু সোঁপন্থী সংগঠনৰ সদস্য। অভিযোগ, এই চাৰিজন যুৱকে তাজমহলত প্ৰৱেশ কৰি গেৰুৱা পতাকা উৰুৱাইছিল। তেওঁলোকৰ সেই কীর্তিত্ব (!) ভিডিও কৰি ছচিয়েল মিডিয়াতো আপলোড কৰে। সেই ভিডিও চায়েই অভিযুক্ত কেইজনক আৰক্ষীয়ে চিনাক্ত কৰে।
অভিযোগ অনুসৰি, উক্ত চাৰি যুৱকে দৰ্শনাৰথীৰ টিকট লৈ তাজমহল চৌহদত প্রবেশ কৰে। তাত তিনিজনে বেগৰ পৰা গেৰুৱা পতাকা উলিয়াই নচুৱাই থাকে। এজনে সমগ্ৰ ঘটনা ৰেকর্ড কৰে। ১৫ ছেকণ্ড আৰু ২৩ ছেকণ্ডৰ ভিডিও দুটা ছচিয়েল মিডিয়াত আপলোডো কৰে অভিযুক্তই। ইয়াৰ পিছতেই তাজমহলৰ নিৰাপত্তাৰ দায়িত্বত থকা চিআইএছএফ জোৱানসকলে তেওঁলোকক আটক কৰি আৰক্ষীৰ হাতত গতাই দিয়ে।
জানিব পৰা মতে, ধৃত চাৰিওজন যুৱক হিন্দু জাগৰণ মঞ্চৰ সদস্য। অভিযুক্ত কেইজনৰ নাম গৌৰৱ তলোৱাৰ, চনু বাঘেল, বিশেষ কুমাৰ আৰু ঋষি লাভানিয়া। গৌৰৱ হিন্দু জাগৰণ মঞ্ৰ জিলা সভাপতি। নিয়ম অনুযায়ী, তাজমহল চৌহদত ধার্মিক কার্যকলাপ নিষিদ্ধ। মাত্র শুক্রবাৰে তাজমহল চৌহদত থকা মছজিদত নমাজ পঢ়াৰ অনুমতি আছে। তাজমহল প্রাঙ্গণত গেৰুৱা পতাকা উৰুওৱাৰ অপৰাধত সোমবাৰে চাৰিওজনকে আৰক্ষীয়ে গ্রেপ্তাৰ কৰে। তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৫৩ (ক) ধাৰাত গোচৰ ৰুজু কৰা হৈছে। চাৰিওজনৰ বিৰুদ্ধে ধর্মীয় কাৰণত বিভিন্ন সম্প্রদায়ৰ মানুহৰ মাজত বিভেদ সৃষ্টিৰো অভিযোগ আছে।











