![]()
নিউজ ডেস্কঃ
পিতৃৰ পৰকীয়া প্রেমিকাৰ সৈতে প্রেমত পৰে পুত্ৰ। পিছত সেই যুৱতীৰ সৈতেই পুত্ৰৰ বিয়া পাতি দিয়ে মাতৃ হনুফা বেগমে। ইয়াৰ পিছৰ পৰাই স্বামী মোজাফ্ফৰ আলী ওৰফে জহুৰুলৰ সৈতে মাতৃৰ আৰম্ভ হয় অন্তঃকলহ। পৰিণতিত ২ জানুৱাৰীত বিষপান কৰি আত্মহত্যাৰ চেষ্টা কৰে মাতৃয়ে। বৰ্তমান তেওঁ বংগৰ চোৱাডাঙ্গা সদৰ হস্পিটেলত জীৱন-মৃত্যুৰ সৈতে যুঁজি আছে। চিকিৎসকৰ মতে তেওঁৰ অৱস্থা সংকটজনক।
এই বিষয়ত হনুফা বেগমৰ মাতৃৰ অভিযোগ, হনুফাৰ স্বামী চোৱাডাঙ্গা সীমান্ত হাইস্কুলৰ শিক্ষক মোজাফ্ফৰ আলীৰ পৰকীয়া প্ৰেম আছিল। এই কাৰণে অতিৰিক্ত মানসিক চাপত বিষপান কৰি আত্মহত্যা কৰিব বিচাৰিছিল হনুফাই৷ আনহাতে, শিক্ষক মোজাফ্ফৰৰ দাবী, তেওঁৰ পত্নী মানসিক ভাৰসাম্যহীন।
জানিব পৰা মতে, চোৱাডাঙ্গা সীমান্ত হাইস্কুলৰ এগৰাকী প্রাক্তন ছাত্রীৰ সৈতে দীর্ঘদিন ধৰি প্রেমৰ সম্পর্ক আছিল মোজাফ্ফৰ আলীৰ। সেই সুবাদতে ছাত্রীগৰাকী জহুৰুলৰ শহুৰৰ ঘৰলৈ প্রায়েই অহা-যোৱা। এটা সময়ত জহুৰুলৰ পুত্ৰ শুভৰ সৈতে তেওঁৰ প্রেমৰ সম্পর্ক গঢ়ি উঠে। কথাটো তাৰ মাতৃ হনুফাই জানিব পাৰি গোপনে দুয়োৰে বিয়া পাতি দিয়ে। ইয়াতেই স্বামীৰ সৈতে মনোমালিন্য আৰম্ভ হয় হনুফা বেগমৰ।












