![]()
নিউজ ডেস্কঃ
ধমনীত ব্লকেজ ধৰা পৰিছে। সঠিক সময়ত সঠিক চিকিৎসা হৈছে। ফলত বংগৰ ‘দাদা’ সৌৰভ গাংগুলীৰ ‘দাদাগিৰি’ অটুট থাকিব। মঙ্গলবাৰে আলিপুৰৰ ব্যক্তিগত হস্পিটেলত ভর্তি হৈ থকা মহাৰাজক সাক্ষাৎ কৰি মেডিকেল বোর্ডৰ সদস্যসকলৰ সৈতে আলোচনাৰ পিছত এনেদৰে স্পষ্টকৈ জনাই দিলে বিশিষ্ট চিকিৎসক তথা হৃদৰোগ বিশেষজ্ঞ দেৱী শেঠীয়ে।
তেওঁ কয়, ‘‘সৌৰভ একেবাৰে ফিট। স্বাভাৱিক জীৱন-যাপনতো বাদেই, কিছুদিন পিছত মাৰাথনো দৌৰিব পাৰিব গাংগুলীয়ে। বিচাৰিলে ক্রিকেতো খেলিব পাৰিব। বিমান চলাবও যাব পাৰিব। কোনো সমস্যা নহয়।’’ উল্লেখ্য, বুধবাৰে সৌৰভ গাংগুলীক হস্পিটেলৰ পৰা যাব দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।












