![]()
নিউজ ডেস্কঃ
অর্থনৈতিক অনুদান বন্ধ হোৱাৰ পিছত এইবাৰ নেটো বহির্ভূত মিত্রদেশৰ তালিকাৰ পৰাও পাকিস্তানৰ নাম বাদ দিয়াৰ প্রস্তাৱ উঠিল আমেৰিকাত। সোমবাৰে হাউছ অব ৰিপ্রেজেন্টেটিভছত এই মর্মে বিল উত্থাপন হয়। এই বিল অনুমোদিত হ’লে আমেৰিকাৰ প্রতিৰক্ষা সৰঞ্জাম, প্রতিৰক্ষা সংক্রান্তীয় গৱেষণা আৰু মহাকাশ প্রযুক্তিৰ পৰা বঞ্চিত হ’ব পাকিস্তান। অর্থাৎ আমেৰিকাৰ পৰা কোনো বৰ্ধিত সুবিধা নাপাব পাকিস্তানে।
ৰিপাব্লিকান নেতা এন্ডি বিগছে এই প্রস্তাৱ আনে। প্ৰস্তাৱটোত কোৱা হৈছে যে নেটো বহির্ভূত মিত্রদেশৰ তালিকাৰ পৰা এবাৰ বাদ পৰিলে, পাকিস্তানক অন্য কোনো তালিকাত অন্তর্ভুক্ত কৰিব পৰাও নাযাব। অৱশ্যে সন্ত্রাসবাদী সংগঠনক যদি তেওঁলোকৰ দেশৰ মাটিৰ পৰা উচ্ছেদ কৰিব পাৰে আৰু খোদ ৰাষ্ট্ৰপতিয়ে যদি দায়িত্ব লৈ সেইটো নিশ্চিত কৰিব পাৰে আৰু তাৰ প্ৰমাণ-পত্র দাখিল কৰিব পাৰে, তেনে ক্ষেত্রত উক্ত বিষয়ত চিন্তা-চৰ্চা কৰিব পৰা যাব পাৰে।
কেৱল সেয়াই নহয়, পাকিস্তানত নিৰাপদ আশ্রয়ত থাকি আফগানিস্তানত কূটাঘাতমূলক কাম-কাজ চলোৱাৰো অভিযোগ হক্কানি নেটৱর্কৰ বিৰুদ্ধে। পাকিস্তান চৰকাৰে তেওঁলোকক সম্পূর্ণ সহায় কৰে বুলিও দীর্ঘদিন ধৰি অভিযোগ উঠি আহিছে। তাৰ বিৰুদ্ধে পাকিস্তানে আচলতে কিবা পদক্ষেপ লৈছেনে নাই, হক্কানি নেটৱর্কৰ কিমানজন শীর্ষ নেতাক গ্রেপ্তাৰ কৰা হৈছে, সেই সম্পৰ্কতো ৰাষ্ট্ৰপতিয়ে লিখিত প্ৰতিশ্ৰুতি-পত্র দিব লাগিব। এইবোৰ হ’লেহে পাকিস্তানক মিত্র দেশ হিচাবে অন্য তালিকাত স্থান দিয়া যাব পাৰে বুলিও প্রস্তাৱ দিয়া হৈছে এই বিলত।












