স্বাস্থ্য প্ৰতিবেদন:
প্রাচীনকালৰ পৰা মৌ মানুহে প্রাকৃতিক খাদ্য হিচাবে, মিঠাই হিচাবে, চিকিৎসা আৰু সৌন্দর্য চর্চাসহ নানাভাবে ব্যৱহাৰ কৰি আহিছে। শৰীৰৰ সুস্থতাত মৌৰ উপকাৰিতা বহুত।
এই উপকাৰিতাবোৰ হ’ল-
হৃদৰোগ প্রতিৰোধ কৰে। ৰক্তনলী প্রসাৰণৰ মাধ্যমেৰে ৰক্ত সঞ্চালনত সহায় কৰে আৰু হৃদপেশীৰ কার্যক্রম বৃদ্ধি কৰে।
ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
কেন্সাৰ প্রতিৰোধ কৰে।
দাঁত পৰিষ্কাৰ আৰু শক্তিশালী কৰে।
দৃষ্টিশক্তি আৰু স্মৰণশক্তি বৃদ্ধি কৰে।
মৌত আছে এন্টিঅক্সিডেন্ট ক্ষমতা, যিয়ে দেহক নানা ঘাত-প্রতিঘাতৰ পৰা ৰক্ষা কৰি বার্ধক্য ৰোধত সহায় কৰে।
মৌৰ কেলৰিয়ে ৰক্তৰ হিমগ্লোবিনৰ পৰিমাণ বঢ়ায় আৰু ফলত ৰক্তবর্ধক হয়।
আন্ত্রিক ৰোগত উপকাৰী। মৌ’ক এককভাবে ব্যৱহাৰ কৰিলে পাকস্থলীৰ বিভিন্ন ৰোগ উপকাৰ পোৱা যায়।
দুর্বল শিশুসকলৰ মুখৰ ভিতৰৰ পাচনশীল ঘাৰ বাবে খুবেই উপকাৰী। মৌৱে কোষ্ঠকাঠিন্য দূৰ কৰে।
শৰীৰৰ বিভিন্ন ধৰণৰ নিঃসৰণ নিয়ন্ত্রণত সহায় কৰে আৰু উষ্ণতা বৃদ্ধি কৰে।
ভিটামিন বি কমপ্লেক্স আৰু কেলচিয়াম সমৃদ্ধ মৌৱে স্নায়ু আৰু মস্তিষ্কৰ কলা সুদৃঢ় কৰে। ৰক্ত পৰিশোধন কৰে।
ভোক, হজমশক্তি আৰু ৰুচি বৃদ্ধি কৰে। যিসকলে ৰক্তহীনতাত বেছি ভোগে বিশেষকৈ মহিলাসকলে, তেওঁলোকৰ বাবে নিয়মিত মৌ সেৱন কৰাটো অত্যন্ত ফলদায়ক।
শিশুসকলক প্রতিদিনে অলপ পৰিমাণত মৌ খুওৱাৰ অভ্যাস কৰিলে ঠাণ্ডা, কাহ, জ্বৰ প্রভৃতি সহজে নহয়। শৰীৰ আৰু হাওঁফাওঁক শক্তিশালী কৰে।
জিভাৰ জড়তা দূৰ কৰে। মৌৱে মুখৰ দুর্গন্ধ দূৰ কৰে।বাত বিষৰ উপশম কৰে। মূৰৰ বিষ দূৰ কৰে।
শিশুৰ দৈহিক গঠন আৰু ওজন বৃদ্ধি কৰে। কাহ, হাঁপানি আৰু ঠাণ্ডাজনিত ৰোগত বিশেষ উপকাৰ কৰে।













