ষ্টাফ ৰিপ’ৰ্টাৰ:
২১ বছৰতকৈ কম বয়সৰ চিগাৰেটপ্ৰেমীয়ে এতিয়াৰ পৰা কৰিব নোৱাৰিব ধূমপান। ধূমপান কৰাৰ ক্ষেত্ৰত নূন্যতম বয়স ২১ বছৰ কৰা কথা চিন্তা কৰিছে কেন্দ্ৰীয় চৰকাৰে। ইতিমধ্যে চৰকাৰে ‘Cigarettes and other Tobacco Products Amendment Act, 2020’ আইনৰ খচৰা প্ৰস্তুত কৰিছে। এই বিধেয়ক আইনত পৰিণত হ’লে ২১ বছৰ বয়সতকৈ কম বয়সৰ পুৰুষ-মহিলাই উভয়ে ক্ৰয় কৰিব নোৱাৰিব চিগাৰেট।
সেইদৰে শিক্ষা প্ৰতিষ্ঠানৰ ১০০ মিটাৰৰ ভিতৰত কোনো ধৰণৰ নিচাযুক্ত দোকান থাকিব নোৱাৰিব । এই খচৰাৰ সাত নম্বৰ ধাৰাত কোৱা মতে, অনাগত দিনত চিগাৰেট পেকেট হিচাপতহে বিক্ৰী কৰিব পাৰিব।
খুচুৰা বিক্ৰী কৰিলে অপৰাধ হিচাপে ধাৰ্য্য কৰা হোৱাৰ। এই বিধেয়ক আইনত পৰিণত হোৱা পিছত নিয়ম অমান্য কৰিলে ৫ বছৰ পৰ্যন্ত জে’ল হোৱাৰ লগতে তেওঁলোক পাঁচ লাখ টকাৰ জৰিমনাৰ সন্মুখীন হ’ব।












