নিউজ ডেক্স:
দক্ষিণ কাশ্মীৰৰ অবন্তিপুৰাৰ ত্রাল বাছ আস্থানত শনিবাৰে সন্ত্ৰাসবাদীয়ে গ্রেনেড আক্ৰমণ কৰে। এই আক্ৰমণত আঠজন নাগৰিক আহত হৈছে। চিকিৎসাৰ বাবে তেওঁলোকক হস্পিটেলত ভর্তি কৰোৱা হৈছে।
এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, বাছ আস্থান ত্রালত সন্ত্ৰাসবাদীয়ে এছএছবি জোৱানৰ ওপৰত গ্রেনেড নিক্ষেপ কৰে। সন্ত্ৰাসবাদীৰ গ্রেনেড লক্ষ্যভ্রষ্ট হৈ ৰাস্তাৰ মাজতেই বিস্ফোৰণ হোৱাত ডাঙৰ দুর্ঘটনাৰ পৰা ৰক্ষা পৰে।
ঘটনাৰ পিছত সেনাই সমগ্ৰ এলেকা ঘেৰাও কৰি সন্ত্ৰাসবাদীৰ সন্ধানত তালাচী অভিযান আৰম্ভ কৰে।












