![]()
নিউজ ডেস্কঃ
আপুনি ইণ্ডিয়ান অয়লৰ এলপিজি গ্রাহক নেকি? আপোনাৰ ৰন্ধন গেছৰ চিলিন্ডাৰ শেষ হৈছে? ৰিফিল বুকিং কৰিবলৈ আপোনাক আৰু ইন্ডেনৰ আইভিআৰএছত ফোন কৰিবলগা নহ’ব। মোবাইল নম্বৰ ৮৪৫৪৯৫৫৫৫৫ত ইন্ডেনত আপোনাৰ নথিভুক্ত ফোন নম্বৰৰ পৰা এটা মিছড্ কল কৰিলেই আপোনাৰ ৰিফিল নিজে নিজে বুক হৈ যাব। আৰু তাৰ পিছতেই আপোনাৰ মোবাইলত এছএমএছ পঠাই জনাই দিয়া হ’ব আপুনি কিমান দিনৰ ভিতৰত চিলিণ্ডাৰ পাব পাৰে।
গ্রাহকৰ সুবিধার্থে শুক্রবাৰে সমগ্ৰ দেশত ইন্ডেনৰ এই মিছড্ কল সেৱা আৰম্ভ কৰে কেন্দ্রীয় পেট্রোলিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রী ধর্মেন্দ্র প্রধানে। সেই একেই নম্বৰত মিছড্ কল কৰিলে ইন্ডিয়ান অয়লৰ এলপিজিৰ নতুন সংযোগো পাব।
অৱশ্যে মিছড্ কলত গেছ বুকিং কৰিবলৈ হ’লে গ্রাহকৰ যি ফোন নম্বৰ ইন্ডেনত নথিভুক্ত আছে, সেই নম্বৰৰ পৰাই ৮৪৫৪৯৫৫৫৫৫ ডায়েল কৰিব লাগিব। অন্য কোনো নম্বৰৰ পৰা ডায়েল কৰিলে বুকিং নহ’ব।












