![]()
নিউজ ডেস্কঃ
ক্ষমতাৰ অন্তিম সময়ত যেন অধিক বেপৰোৱা হৈ উঠিছে মার্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্প। কাৰো কোনো দাবী-আপত্তিয়েই কাণসাৰ নিদিয়া হৈছে। ইয়াকে লৈ সমালোচনাও হৈছে বহু। এইবাৰ ব্যৱসায়ীসকলৰ আপত্তি অগ্রাহ্য কৰি অভিবাসী শ্রমিক ভিছাত নিষেধাজ্ঞাৰ ম্যাদ আৰু বৃদ্ধি কৰিলে ট্ৰাম্পে।
গ্রিন কার্ডৰ বহু আবেদনকাৰী আৰু অস্থায়ী বিদেশী শ্রমিকৰ প্রবেশ নিষিদ্ধ কৰি যোৱা এপ্রিল আৰু জুনত নিষেধাজ্ঞা জাৰি কৰে ট্ৰাম্পে। যোৱা ৩১ ডিচেম্বৰত উক্ত নিষেধাজ্ঞাৰ ম্যাদ শেষ হোৱাৰ কথা আছিল। কিন্তু বৃহস্পতিবাৰে নতুনকৈ ইয়াৰ মেয়াদ আৰু বৃদ্ধি কৰে যুক্তৰাষ্ট্রৰ বিদায়ী ৰাষ্ট্ৰপতিয়ে। নতুন সিদ্ধান্ত অনুসৰি ২০২১ চনৰ ৩১ মার্চ পর্যন্ত বাহাল থাকিব অভিবাসী শ্রমিকসকলৰ ওপৰত যুক্তৰাষ্ট্রৰ এই নিষেধাজ্ঞা।
ট্রাম্পৰ দাবী, কৰোনা মহামাৰিত অর্থনীতি ব্যাপক ক্ষতিগ্রস্ত হোৱাত দেশীয় শ্রমিকসকলক ৰক্ষাৰ বাবে এই নিষেধাজ্ঞা জৰুৰী।












