স্বাস্থ্য প্ৰতিবেদন:
বহুতেই জিৰাৰ গুণ নাজানে। ওজন কমাবলৈ প্রতি দিনে পুৱা খালি পেটত খাব পাৰে জিৰা পানী। কোনো এন্টাচিড মেডিচিনে যিমান সোনকালে শৰীৰৰ সমস্যা ঠিক কৰিব পাৰে, জিৰা পানীও একেদৰে কিন্তু কার্যকৰী।
কেৱল হজমৰ সমস্যাই যে সমাধান কৰে সেয়া নহয়, ওজন কমোৱাতো একেদৰে সহায় কৰে জিৰা পানীয়ে। কাৰণ জিৰা পানীত যথেষ্ট কলৰি কম। আৰু জিৰা পানীত এন্টিঅক্সিড্যান্টছ আছে। হজমৰ সমস্যা ঠিক কৰে। মেটাবলিজিম বৃদ্ধি আৰু ফেট বাৰ্নিংত ইয়াৰ ভূমিকা যথেষ্ট।
ফেট হজম কৰাত সহায় কৰে:
ই ভোক কমায়, গেছ হ’ব নিদিয়ে। যদি ওজন কমাব লগা হয়, তেনেহ’লে নিয়মিত প্ৰায় তিনি গ্রাম জিৰা খাওক। তিনি মাহ খাওক। আপোনাৰ ওজন কমিব।
লিভাৰত কার্যক্ষমতা বঢ়ায়:
আপুনি যদি নিয়মিত জিৰাপানী খায়, তেতিয়াহ’লে শৰীৰৰ ডায়জেস্টিভ এনাজাইমৰ উৎপাদন বাঢ়ি যায়। কেইবাটাও গৱেষণাত সেয়া দেখা গৈছে। তাৰ লগতে লিভাৰত ক্ষতিকৰ টক্সিক উপাদানো শৰীৰৰ পৰা বাহিৰ ওলাই যায়। ফলত লিভাৰৰ কাম কৰাৰ ক্ষমতা দ্রুততাৰে বঢ়াই। হজমো ভাল হয়।













