স্বাস্থ্য প্ৰতিবেদন:
আদাত পটাচিয়াম, মেঙ্গানিজ, কপাৰ আৰু মেগনেচিয়ামৰ দৰে গুৰুত্বপূর্ণ মিনাৰেল থাকে। প্রতিদিনে এক গিলাচ আদা দি উতলোৱা পানী খালে শৰীৰৰ পৰা নানা ৰোগে বিদায় ল’ব আৰু সুস্থ জীবন যাপন কৰাত সহায় কৰিব।
হজম শক্তি বৃদ্ধি:
বদহজমত কেৱল আদা নহয়, আদা দি উতলোৱা পানীও খুব উপকাৰী। যিকোনো কাম ভালদৰে সম্পন্ন কৰিবলৈ হ’লে আদা-পানীৰ প্রয়োগ প্রবাদত আছে। আদা-পানীয়ে হজম শক্তি বৃদ্ধি কৰি শৰীৰক সুস্থ কৰি তোলে। সামান্য অনিয়ম হ’লে তাৰ সৈতে যুঁজাৰ শক্তি দিয়ে। ঠাণ্ডা লগাৰ দৰৱৰ পৰা হজম সমস্যাক কব্জা কৰা— আদাৰ বিভিন্ন ব্যৱহাৰিক প্রয়োগ ঘৰুৱা উপায়ত আছে।
পেশীৰ বিষ:
জিম বা শৰীৰচর্চা, অতিৰিক্ত শ্রমৰ পিছত পেশীত টান বা বিষ হ’লে আদা উতলাই সেই পানী চেকি খাওক। কেইদিনমান খোৱাৰ পিছত পেশীত বিষৰ এই প্রবণতা লাহে লাহে কমি যাব।
কাহৰ উপশম:
ঠাণ্ডা লাগি ডিঙি বহি গ’লে, কাহত ডিঙি সুৰসুৰালে আদা বটি পানীত দি কুহুমীয়া কৰি সেই পানী দিনত দুই-তিনবাৰ খাওক। ঠাণ্ডাজনিত প্রদাহ কমাই ডিঙিক আৰাম দিয়াত সিদ্ধহস্ত আদা-পানী।
মেটাবলিজিম বঢ়ায়:
শৰীৰৰ মেটাবলিজিম বঢ়াবলৈ আদা-পানী গ্রিন টিৰ দৰেই কার্যকৰী। সমগ্ৰ দিন শক্তি ধৰি ৰাখিবলৈ পুৱা চাহ নাখায় গৰম পানীত আদা আৰু মৌ মিহলাই খাওক। বহু উপকাৰ পাব। শৰীৰত বৰ্ধিত মেদ কমাবলৈও আদাৰ ভূমিকা অপৰিসীম। পানীত আদা, মৌ আৰু নেমু মিহলাই খাব পাৰে। নাইবা আগনিশা জিৰা আৰু আদা বটা পানীত মিহলাই ৰাখি পিছদিনা পুৱা সেই পানী চেকি উতলাই খাওক। মেদ আঁতৰি শৰীৰ সুন্দৰ হ’ব।
আলঝাইমাৰৰ সম্ভাৱনা কমায়:
আলঝাইমাৰ এক ধৰণৰ ৰোগ যিয়ে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক আঘাত কৰে। গৱেষণাত প্রকাশ পাইছে, আদাই মস্তিষ্কৰ কোষক সজীৱ কৰি ৰখাত সহায় কৰে। ইয়াৰ এন্টি-অক্সিডেন্ট আৰু অন্যান্য শক্তিশালী যৌগই মস্তিষ্কত ইনফ্লেমেটৰি ৰেছপন্সৰ সৈতে যুঁজাত সহায় কৰে। ফলত দীর্ঘ দিন ধৰি মগজু সতেজ হৈ থাকে। স্মৃতিশক্তিও ধৰি ৰখাত সহায় কৰে।













