![]()
নিউজ ডেস্কঃ
দেশৰ ১০৪ জন অৱসৰপ্রাপ্ত আইএএছ বিষয়াৰ এটি দলে পত্ৰ প্ৰেৰণ কৰিলে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ। ৰাজ্যত লাভ-জিহাদ বিৰোধী আইন যেনেদৰে অতি-সক্রিয় হৈ উঠিছে তাক লৈ চিন্তিত প্ৰাক্তন আইএএছৰ দলটো। যোগী আৰু তেওঁৰ আৰক্ষী প্রশাসনলৈ তেওঁলোকৰ পৰামর্শ, ‘নতুনকৈ সংবিধান জানক।’
উল্লেখযোগ্য যে কিছুদিন পূৰ্বে মোৰাদাবাদৰ এক ঘটনাত দুই মুছলিম ভাতৃক গ্রেপ্তাৰ কৰে উত্তৰ প্রদেশৰ আৰক্ষীয়ে। কাৰণ তেওঁলোকৰ এজন ভাতৃয়ে এগৰাকী হিন্দু ছোৱালীক বিয়া কৰাইছিল। আইএএছসকলৰ পত্ৰখনত কোৱা হৈছে, হিন্দু যুৱতীগৰাকীৰ পিছত গর্ভপাত হয় আৰু তেওঁ স্বেচ্ছাই মুছলিম যুৱকজনক বিয়া কৰাইছিল। কিন্তু তৎসত্ত্বেও বজৰং দলে জোৰ কৰি বিয়া আৰু ধর্মান্তৰকৰণৰ অভিযোগ আনে।
তেওঁলোকৰ প্রশ্ন, ‘এয়া মাতৃগর্ভতেই এটি সন্তানৰ হত্যা নহয়নে আৰু উত্তৰ প্রদেশৰ আৰক্ষী ইয়াৰ বাবে দায়ী নহয়নে? সমগ্র উত্তৰ প্রদেশৰ আৰক্ষী বাহিনীয়ে পলম নকৰি নাগৰিক অধিকাৰ কি তাক জনা উচিত। ৰাজ্যৰ সকলো ৰাজনৈতিক নেতা আৰু লগতে আপুনিও সংবিধানৰ ধাৰাবোৰ আৰু এবাৰ পঢ়ি লওক।’ পত্ৰৰ শেষত কোৱা হৈছে, আশাকৰা যায় যে এই পত্ৰৰ পিছত এই ধৰণৰ কার্যকলাপৰ বিৰুদ্ধে মানুহে প্রতিবাদ কৰিব আৰু আদালতেও এই ক্ষেত্ৰত দৃষ্টি দিব। উল্লেখযোগ্য যে যোগীৰ ৰাজ্যত এই পর্যন্ত লাভ-জিহাদৰ দোহাই দি গ্রেপ্তাৰ কৰা হৈছে ৩৫ জনক।












