![]()
নিউজ ডেস্কঃ
ফাইজাৰৰ টীকা লৈও কোভিডত আক্রান্ত হ’ল আমেৰিকাৰ চল্লিশোর্ধৰ এগৰাকী নাৰ্ছ। ফেচবুক পোষ্টট সেই কথা নিজেই জনাইছে স্থানীয় দুখন হস্পিটেলৰ স্বাস্থ্যকর্মীগৰাকীয়ে। বিগত ১৮ ডিচেম্বৰত ফাইজাৰ টীকা লৈছিল তেওঁ। টীকা লোৱাৰ পিছত হাতত সিদিনা বিষ থাকিলেও অন্য কোনো ধৰণৰ পার্শ্বপ্রতিক্রিয়া দেখা দিয়া নাছিল। কিন্তু বৰদিনৰ দিনা কাম শেষ কৰি অতি ক্লান্ত হৈ পৰিছিল মেথিউ ডব্লু নামৰ নাৰ্ছগৰাকী। শৰীৰত ঠাণ্ডা ভাব আৰু গাৰ বিষ আৰম্ভ হৈছিল। পিছদিনা তেওঁ কোভিড চেণ্টাৰলৈ গৈ কৰোনা পৰীক্ষা কৰাত ৰিপোর্ট পজিটিভ আহে তেওঁৰ৷ মার্কিন সংবাদ মাধ্যম এবিচি নিউজৰ সূত্রত এই কথা প্ৰকাশ।
উল্লেখ্য, ফাইজাৰৰ টীকা লোৱাৰ পিছত মার্কিন যুক্তৰাষ্ট্ৰত বহু কেইজন লোক অসুস্থ হৈছে। এলার্জিসহ কেইবা ধৰণৰ পার্শ্বপ্রতিক্রিয়াৰ কথা পোহৰলৈ আহিছে।












