![]()
নিউজ ডেস্কঃ
আয়কৰ জমা দিয়াৰ শেষ সময়সীমা ৩১ ডিচেম্বৰৰ ভিতৰতো যদি আয়কৰ ৰিটাৰ্ন জমা দিয়া নহয়, তেনেহ’লে ভৰিব লাগিব দুগুণ জৰিমনা৷ কেন্দ্ৰই বৃদ্ধি কৰিলে জৰিমনাৰ পৰিমাণ। পূৰ্বতে এই জৰিমনাৰ পৰিমাণ ৫ হাজাৰ টকা আছিল যদিও আজি ইয়াক ১০ হাজাৰ টকালৈ বৃদ্ধি কৰে কেন্দ্ৰীয় চৰকাৰে।
উল্লেখ্য যে ২০১৭-১৮ বিত্তীয় বর্ষৰ পৰা এই ‘লেট ফাইন’ ব্যৱস্থা কার্যকৰী কৰা হয়। তেতিয়াৰে পৰা নির্ধাৰিত সময়ৰ পিছত ৰিটার্ন জমা দিলে ৫ হাজাৰ টকা জৰিমনা বিহা হৈছিল। কিন্তু বৰ্তমান এই জৰিমনাৰ পৰিমাণ বৃদ্ধি কৰি দুগুণ অর্থাৎ ১০ হাজাৰ টকা কৰা হৈছে।
উল্লেখ্য, কোভিডৰ বাবে চলিত বছৰত আয়কৰ ৰিটার্ন জমা দিয়াৰ সময়সীমা বৃদ্ধি কৰা হয়৷ পূৰ্বৰ ৩১ জুলাইৰ পৰিৱৰ্তে এই সময়সীমা বৃদ্ধি কৰি ৩১ ডিচেম্বৰ কৰিছিল চেণ্ট্ৰেল বোর্ড অব ডিৰেক্ট টেক্সেছে।












