![]()
নিউজ ডেস্কঃ
দিল্লীৰ আম আদমি পাৰ্টি চৰকাৰে সিংঘু সীমান্তত আন্দোলনৰত কৃষকসকলৰ সুবিধাৰ্থে বিনামূলীয়া ৱাইফাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
এই সিদ্ধান্তৰ কথা ব্যক্ত কৰি দলটোৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰাঘৱ চদ্ধাই কয় যে আম আদমী দলৰ প্ৰধান তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু দলৰ অন্যান্য মন্ত্ৰী-বিধায়কসকলে সঘনাই সিংঘু সীমান্তলৈ আহি খবৰ লৈ আছে।

ঘৰৰ পৰা দূৰত থকা কৃষক বা জোৱানসকলৰ সকলোতকৈ ডাঙৰ শক্তিয়েই হৈছে তেওঁলোকৰ পৰিয়াল। এই কথা লক্ষ্যত ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি জানিবলৈ দিয়ে চদ্ধাই ৷
প্ৰতিবাদকাৰী কৃষকসকলে সিংঘু সীমান্তত নেটৱৰ্কৰ সমস্যাৰ লগতে বহুতো বিষয়ত সমস্যা পোৱা বুলি আম আদমি পাৰ্টিক অভিযোগ দিছিল। চদ্ধাই লগতে জনাই যে, কেজৰিৱালে কম্বল, পানীৰ লগতে প্ৰায় সকলো জৰুৰী সুবিধাৰ ব্যৱস্থা কৰি দি কৃষকসকলৰ সমস্যাসমূহ দূৰ কৰাৰ চেষ্টা কৰিছে।












