![]()
নিউজ ডেস্কঃ
কৰোনাৰ নতুন প্ৰজাতিৰ ব্যাপক সংক্ৰমণৰ মাজতেই এইবাৰ বিশ্বৰ প্রথম দেশ হিচাবে অক্সফোর্ড-এস্ট্রাজেনেকাৰ কৰোনা টীকা ব্যৱহাৰৰ অনুমতি দিলে ব্ৰিটেইনৰ বৰিছ জনছন প্রশাসনে। অৱশ্যে এই টীকাই কৰোনাৰ নতুন প্ৰজাতিৰ ওপৰত কাম কৰিবনে নাই, সেয়া এতিয়াও পৰীক্ষিত নহয়।
ব্রিটেইনৰ অক্সফোর্ড বিশ্ববিদ্যালয় আৰু ব্রিটিছ ঔষধ প্রস্তুতকাৰী কোম্পানী এস্ট্রাজেনেকাৰ যৌথ উদ্যোগত তৈয়াৰ হৈছে এই কোভিড টীকা। সেই টীকাৰ মানৱদেহত পৰীক্ষামূলক প্রয়োগৰ তৃতীয় তথা শেষ পৰ্যায় সম্পূর্ণ হৈছে। তাৰ পিছত টীকাত লাভ কৰা তথ্য-পৰিসংখ্যা ব্রিটেইন চৰকাৰক জমা দিছিল এস্ট্রাজেনেকাই। সেই সকলো তথ্য বিশ্লেষণ কৰাৰ পিছত জনসাধাৰণৰ ওপৰত প্রয়োগৰ অনুমোদন দিলে ব্রিটিছ চৰকাৰে। বৰিছ জনছন প্রশাসনৰ সূত্রে মতে, শীঘ্ৰেই এই টীকাৰ প্রয়োগ আৰম্ভ কৰা হ’ব।
ব্রিটেইন চৰকাৰৰ এই সিদ্ধান্তক স্বাগতম জনাইছে অক্সফোর্ডৰ বিজ্ঞানী আৰু এস্ট্রাজেনেকাৰ বিষয়াসকলে। এস্ট্রাজেনেকা কর্তৃপক্ষই জনাইছে যে কৰোনাৰ নতুন প্ৰজাতিৰ প্রভাৱ আৰু অন্যান্য বৈশিষ্ট্যৰ ওপৰত গৱেষণা আৰম্ভ কৰিছে তেওঁলোকে। লগতে জনাইছে, তেওঁলোকৰ টীকাই নতুন প্ৰজাতিৰ ওপৰতো কাম কৰিব।












