![]()
নিউজ ডেস্কঃ
উত্তৰৰ পার্বত্য এলেকাত নতুনকৈ তুষাৰপাতৰ ফলত সমগ্ৰ উত্তৰ ভাৰততে নামিছে পাৰাস্তম্ভ। লগতে প্ৰচণ্ড শীত প্রবাহ। হাৰিয়ানাৰ হিচাৰসহ কিছু স্থানত আৰু ৰাজস্থানৰ কিছু স্থানত তাপমাত্রা নামিছে শূন্য ডিগ্রিলৈ।
বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, পশ্চিমী বায়ুৰ কাৰণে জম্মু-কাশ্মীৰ, লাডাখ, উত্তৰাখণ্ড, হিমাচল প্রদেশত নতুনকৈ তুষাৰপাত হৈছে। সেই কাৰণেই সমগ্ৰ উত্তৰ ভাৰতৰ তাপমাত্রা নামি গৈছে। দিল্লীত ন্যূনতম তাপমাত্রা হৈছে ৩.৬ ডিগ্ৰী চেলচিয়াছ। সর্বোচ্চ তাপমাত্রা ১৮.১ ডিগ্রি চেলচিয়াছ।
পূর্বাভাস মতে, বছৰৰ শেষৰ দিনটোত তাপমাত্ৰা আৰু কমিব। কাশ্মীৰ, হিমাচলত অব্যাহত থাকিব তুষাৰপাতো।












