স্বাস্থ্য প্ৰতিবেদন:
জন্মৰ পৰা প্রথম ছয় মাহ এটি শিশুৱে কেৱল গাখীৰ খায়। মাত্র মাতৃ দুগ্ধৰ বাহিৰে প্রথম ছয় মাহত শিশুক আনকি পানীও দিয়া নহয়। শিশুসকলৰ খোৱা-লোৱা বিষয়ত খুব সাৱধান থকাটো জৰুৰী। কাৰণ এটি শিশুৱে যেতিয়া প্ৰথম প্ৰথম খাবলৈ শিকে তেতিয়া কি খাব আৰু কি নাখাব সেই দিশত নজৰ ৰখাটো খুবেই প্রয়োজন।
শিশুৰ ডিঙত খাদ্যবস্তু লাগি ধৰিব পাৰে। বিশেষকৈ জন্মৰ পৰা প্রথম এক বছৰ শিশুসকলক লৈ অত্যন্ত সতর্ক হৈ থকাৰ পৰামর্শ দিয়ে বিশেষজ্ঞসকলে। এবাৰ জানি লওঁ আহক জন্মৰ পৰা প্রথম এটা বছৰত শিশুসকলক কোন চাৰিবিধ খাদ্য কেতিয়াও দিব নালাগে।
চেনি:
এবছৰ বয়স নোহোৱালৈকে শিশুক চেনি নুখুৱাব। শিশুসকলৰ শৰীৰত প্রথম এটা বছৰ বগা চেনিৰ কোনো প্রয়োজন নাথাকে। তেওঁলোকৰ শৰীৰত চেনিৰ প্রয়োজনীয়তা অতি সামান্য আৰু সেয়া তেওঁলোকে অন্য প্রাকৃতিকভাবে মিঠা খাদ্য আৰু কার্বোহাইড্রেটৰ পৰা লাভ কৰে। পৃথককৈ চেনি খুৱালে দাঁতৰ ক্ষয়, স্থূলতা আনকি ডায়েবেটিছৰ দৰে গুৰুতৰ সমস্যাই দেখা দিব পাৰে। সেই কাৰণে শিশুসকলক প্রথম এটা বছৰ চকলেট, কোলা, কেণ্ডি বা অন্য কোনো প্রক্ৰিয়াজাত খাদ্য খুৱাব নালাগে।
নিমখ:
খাদ্য বিশেষজ্ঞসকলৰ পৰামর্শ অনুসৰি, শিশুসকলক জন্মৰ পৰা প্রথম ছয় মাহ নিমখ খুওৱাৰ প্রয়োজন নহয়। তেওঁলোকৰ শৰীৰত যিমান পৰিমাণৰ ছডিয়ামৰ প্রয়োজন, সেয়া মাতৃ দুগ্ধৰ পৰাই তেওঁলোকে লাভ কৰে। ছয় মাহৰ পৰা এবছৰ বয়সীয়া শিশুসকলক দিনত এক গ্রামৰ বেছি নিমখ খুওৱাটো ঠিক নহয়। অতি সৰু বয়সৰ পৰা নিমখ খালে কিডনিত পাথৰ, উচ্চ ৰক্তচাপ, দুর্বল হাড় আৰু ডিহাইড্রেচনৰ দৰে সমস্যাই দেখা দিব পাৰে৷
মৌ:
আমাৰ সমাজত শিশু জন্মৰ পিছতেই মুখত অলপ মৌ দিয়াৰ প্রথা প্রচলিত আছে। কিন্তু কেৱল সদ্যোজাত শিশুৱেই নহয়, এবছৰ বয়স পর্যন্ত শিশুসকলক মৌৰ পৰা দূৰৈত ৰখাই ভাল। সদ্যোজাত শিশুক মৌ খুৱালে তাৰ প্রাণৰ সংশয় পর্যন্ত হ’ব পাৰে। কাৰণ বহু সময়ত মৌত বেক্টেৰিয়া থাকে, যিটো শিশুৰ দুর্বল হজম ক্ষমতাই সহ্য কৰিব নোৱাৰে।
গৰুৰ গাখীৰ:
এইটোত কোনো সন্দেহ নাই যে গৰুৰ গাখীৰ স্বাস্থ্যৰ পক্ষে অতি উপকাৰী। কিন্তু সদ্যোজাত শিশুক কেতিয়াও গৰুৰ গাখীৰ খুওৱাটো উচিত নহয়। অন্তত এবছৰ বয়স নোহোৱা পর্যন্ত শিশুক গৰুৰ গাখীৰ নুখুৱাব। কাৰণ গৰুৰ গাখীৰত থকা প্রচুৰ পৰিমাণৰ প্রোটিন, ছডিয়াম আৰু পটাছিয়ামক শিশুৰ হজম ক্ষমতাই সহ্য কৰিব নোৱাৰিব পাৰে।













