স্বাস্থ্য প্ৰতিবেদন:
শীতকালত খাদ্য তালিকাত কেঁচা বা সেউজীয়া মটৰ এক অন্যতম উপাদান।পুষ্টিবিদসকলৰ মতে, ‘নিৰামিষভোজী হওক বা আমিষভোজী, এইবিধ পাচলি সকলো ধৰণে ব্যৱহাৰ কৰিব পৰা যায়।
যিকোনো চালাডতে ইয়াৰ ব্যৱহাৰ আছে। প্রোটিনৰ চাহিদা পূৰণত কম নহয় মটৰ। ২ টুকুৰা মাছ বা তিনি টুকুৰা মাংসত যি পৰিমাণে প্রোটিন পোৱা যায়, সেই প্রোটিন লাভ কৰা যায় এক বাটি মটৰৰ পৰা।
সেউজীয়া মটৰ নিয়মিত খালে শৰীৰতো সুস্থ থাকিবই, একে সময়তে চুলি এবং ছাল হৈ উঠিব চকচকীয়া আৰু স্বাস্থ্যোজ্জ্বল। মটৰত এনে কিছু প্রাকৃতিক উপাদান আছে, যিয়ে ছালৰ ক্ষেত্রত এন্টি-এজিঙৰ কাম কৰে। অর্থাৎ ছাল সতেজ কৰি ৰাখে। আনকি ছালত বলিৰেখাও পৰিব নিদিয়ে।
বৰ্ধিত মেদ আৰু ওজন কমোৱাত সহায় কৰে
বৰ্ধিত মেদ আৰু ওজন আমাৰ জীবনৰ এটি অন্যতম সমস্যা। নানা ডায়েট চার্ট মানি চলাৰ চেষ্টা কৰিলেও বহু সময়তেই ওজন কমিব নিবিচাৰে। তেনে ক্ষেত্ৰত দৈনিক খাদ্যত সেউজীয়া মটৰ যোগ কৰিব পাৰে। সেউজীয়া মটৰত কেলৰিৰ পৰিমাণ খুব কম আৰু পেট বহু সময় পর্যন্ত ভৰি থাকে। ফলত ওজন বৃদ্ধি হোৱাৰ কোনো আশঙ্কাই নাই। ৰক্তত বেয়া কলেষ্টেৰল জমা হ’বলৈ নিদি হৃদৰোগৰ পৰা দূৰত ৰাখে এই পাচলিয়ে।
ডায়েবেটিছ নিয়ন্ত্রণত ৰখাত সহায় কৰে
যিসকলৰ ডায়েবেটিছৰ সমস্যা আছে অর্থাৎ যিসকলৰ ৰক্তত শর্কৰাৰ পৰিমাণ বেছি, তেওঁলোকে কি খাব কি নাখাব, তাক লৈ খুব বিপাঙত পৰে। ৰক্তত শর্কৰাৰ পৰিমাণ নিয়ন্ত্রণত ৰাখিবলৈ নিয়মিত প্রতিদিনে খাদ্যত সেউজীয়া মটৰ খোৱাৰ উপদেশ বহু চিকিৎসকে দিয়ে। ইয়াৰ এন্টিইনফ্লামেটৰি উপাদানে শৰীৰৰ টক্সিন দূৰ কৰি কেন্সাৰৰ সম্ভাৱনাও কমায়।
ৰোগ প্রতিষেধক
সেউজীয়া মটৰ এন্টি-অক্সিডেন্টেৰে ভৰপূৰ। ফলত নানা ধৰণৰ অসুখ দূৰত ৰখাত সহায় কৰে এই পাচলিবিধে। ইয়াৰ উপৰি ইয়াত নানা প্রাকৃতিক খনিজ যেনে মেগনেচিয়াম, আয়ৰন, কেলচিয়াম, জিঙ্ক ইত্যাদি আছে, যিয়ে শৰীৰৰ ভিতৰত পুষ্টি যোগায় আৰু শৰীৰ সুস্থ ৰখাত সহায় কৰে।
সেউজীয়া মটৰৰ এন্টি-ইনফ্লামেটৰি আৰু এন্টি-অক্সিডেন্ট উপাদানে শৰীৰত ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায়। উচ্চ ৰক্তচাপ নিয়ন্ত্রণতো ইয়াৰ ভূমিকা আছে। সেউজীয়া মটৰত প্রচুৰ প্রোটিন থাকে। সেয়ে অবেচিটিৰ ৰোগীসকলৰ সম্পূৰ্ণ প্রোটিন ডায়েটত সেউজীয়া মটৰ অন্যতম উপাদান।
হৃদৰোগৰ পৰা বচায়
সেউজীয়া মটৰত থকা এন্টি অক্সিডেন্টে ৰক্ত চলাচল সঠিক ৰাখে| সেউজীয়া মটৰত থকা ভিটামিন বি আৰু ফলেট‚ বি১, বি৩, আৰু বি৬-এ শৰীৰৰ হোমো চাইষ্টিয়েন (homo cysteine) লেভেল কম কৰে। আৰু ইয়াৰ ফলত হৃদৰোগত আক্রান্ত হোৱাৰ সম্ভাবনা বহুখিনি কমি যায়। বতাহৰ পৰা নাইট্রোজেন লৈ মাটিলৈ সৰবৰাহ কৰাত সহায় কৰে মটৰৰ গছে।
ইয়াৰ ফলত কৃত্ৰিম সাৰ দিয়াৰ প্রয়োজন বহুখিনি কমি যায়। মটৰৰ খেতি কৰিলে মটৰ গছৰ পৰা ভাল অৰ্গেনিক সাৰ সৃষ্টি হয়। ইয়াৰ উপৰি মটৰ গছৰ খুব কম আর্দ্রতাৰ প্রয়োজন হয়। ইয়াত থকা নিয়াচিনে শৰীৰত ট্রাইগ্লিছাৰাইড আৰু লাইপো প্রোটিন কম কৰাত সহায় কৰে যাৰ ফলত শৰীৰত বেয়া কলেষ্টেৰল আৰু ট্রাইগ্লিছাৰাইড কম হয়।














