স্বাস্থ্য প্ৰতিবেদন:
টোপনি প্রতিজন মানুহৰ বাবে অতি মূল্যৱান। টোপনিয়ে আমাৰ মনক সতেজ কৰে আৰু শক্তি পুনৰুদ্ধাৰ কৰে। আপুনি যদি কমকৈ শোৱে তেতিয়াও ৰোগাক্ৰান্ত হ’ব পাৰে, আকৌ বেছিকৈ শুলেও সমস্যা আছে।
বেছিকৈ শুলে যে স্থূলতা আনে কেৱল সেয়াই নহয়, আপুনি আৰু বহু ৰোগৰ চিকাৰ হ’ব পাৰে। ফলস্বৰূপে আপোনাৰ শৰীৰ অসুস্থ হৈ উঠে। জানো আহক কোন কোন ৰোগ আপোনাৰ টোপনিৰ কাৰণে হয় আৰু কেনেদৰে এই ৰোগবোৰ এৰাব পৰা যায়।
পাকস্থলীৰ ব্যৱস্থা ঠিক ৰাখিবলৈ টোপনিৰ পৰা সময়মতে উঠা দৰকাৰ। কোষ্ঠকাঠিন্য এনে এটি সমস্যা যিয়ে আপোনাৰ সম্পূৰ্ণ শৰীৰৰ ব্যৱস্থাকে প্রভাৱিত কৰে। কোষ্ঠকাঠিন্যৰ কাৰণে গেছ আৰু এচিডিটি হয়। সঠিক সময়ত শৰীৰৰ চলাচলে আপোনাক কোষ্ঠকাঠিন্যৰ পৰা মুক্তি দিয়ে।
আপুনি যদি বেছিকৈ শুৱে তেতিয়াহ’লে আপোনাৰ কেলৰিবোৰ বার্ন নহয়, যাৰ কাৰণে আপোনাৰ স্থূলত্ব বৃদ্ধি পায়। স্থূলত্বৰ আপোনাৰ খাদ্য আৰু টোপনিৰ ওপৰত প্ৰত্যক্ষ প্রভাৱ পৰে। বহু গৱেষণাত প্রকাশ পাইছে যে অধিককৈ শোৱাটোৱে বহু মনস্তাত্ত্বিক অসুস্থতাৰ সম্ভাৱনাও বৃদ্ধি কৰে।
বেছিকৈ শোৱা লোকসকলে মূৰৰ বিষৰ অভিযোগ কৰে। মস্তিষ্কৰ নিউৰ’ট্রান্সমিটাৰবোৰ উঠা-নমাৰ কাৰণে মূৰৰ বিষৰ কাৰণ হ’ব পাৰে, য’ত টোপনিৰ সময়ত ছেৰোটোনিন বাঢ়িব পাৰে, যাৰ ফলত মূৰৰ বিষ হয়।
বেছি সময় বিছনাত থকাৰ কাৰণে পিঠিৰ বিষ হয়। আপুনি যদি দীৰ্ঘ সময় বিছনাত থাকে, আপোনাৰ শৰীৰত ৰক্ত প্রবাহ ক্ষতিগ্রস্ত হয়। এইটো গুৰুত্বপূর্ণ যে আপুনি কেৱল ৭-৮ ঘন্টা শোৱক আৰু পুৱা ব্যায়াম কৰক।
বেছি শোৱাটো হতাশাৰ কাৰণ হ’ব পাৰে। বেশি সময় টোপনিয়ে মস্তিষ্কত ডোপানিন আৰু ছেৰোটোনিন হৰমনবোৰৰ মাত্রা হ্রাস কৰে। এই হৰমোনবোৰ হৈছে আনন্দ যোগান ধৰোতা।
যিসকলৰ টোপনিৰ অভ্যাস বেছি তেওঁলোকৰ হৃদৰোগৰ সম্ভাৱনা বেছি থাকে। কেৱল সেয়াই নহয়, অতিৰিক্ত টোপনিয়ে আপোনাৰ স্মৃতিশক্তিকো প্রভাৱিত কৰে। অতি বেছি টোপনিয়ে স্মৃতিশক্তি দুর্বল কৰি দিয়ে।













