স্বাস্থ্য প্ৰতিবেদন:
প্রতিখন ঘৰতে পাকঘৰত পোৱা মচলাবিধ হৈছে লং। খাদ্যত লং এবিধ গুৰুত্বপূর্ণ উপাদান। লগতে মূৰৰ বিষ, মুখৰ ৰোগ, কেন্সাৰ, ডাযয়েবেটিছ, বীজাণু সংক্ৰমণ, ছাইনাছ, জ্বৰ আৰু সাধাৰণ চৰ্দি ইত্যাদিৰ দৰে স্বাস্থ্য সমস্যাবোৰ মোকাবিলাৰ বাবে পৰিচিত এই লং।
লঙৰ প্রাকৃতিক বৈশিষ্ট্য হৈছে পেৰিস্টালিচিছ বৃদ্ধি কৰে, লেলাৱটি উৎপাদন বৃদ্ধি জৰে, পাচনত সহায় কৰে আৰু এচিড ক্ষৰণ বন্ধ কৰে। লঙে পেটৰ প্রদাহ কমায়। পেটৰ অন্যান্য ৰোগ যেনে বুকু জ্বলা, অম্লতা আৰু বদহজমতো এই লং উপকাৰী।
এচিডিটিৰ সমস্যা হ’লে লঙৰ এটি টুকুৰা মুখত লওক, পাতলকৈ চোবাই তাৰ ৰস বাহিৰ কৰি তাক মুখতেই ৰাখি থওক। লাহে লাহে ক্ষৰিত হোৱা ৰসে এচিডিটি কমাই দিয়ে। খোৱাৰ পিছতো এটুকুৰা লং মুখত ৰাখক।













