![]()
নিউজ ডেস্কঃ
ব্রিটেনত কৰ’না ভাইৰাচৰ নতুন ষ্ট্ৰেইট-ৰ সন্ধান পোৱাৰ পিছত পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ নতুন নির্দেশনা জাৰি কৰিছে ভাৰত চৰকাৰে।
নিয়মসমূহ জানি লওক-
১) প্রত্যেক আন্তর্জাতিক বিমানযাত্রীয়েই যোৱা ১৪ দিনৰ যাত্রাৰ ইতিহাসৰ বিস্তাৰিত বিৱৰণ জনাব লাগিব । দেশৰ বিমানবন্দৰসমূহত প্রবেশৰ সময়ত ক’ভিড-১৯ RT-PCR পৰীক্ষাৰ বাবে “ছেল্ফ ডিক্লাৰেচন” বা নিজে ব্যৱস্থা কৰিব লাগিব ৷
২) যি সকল যাত্রী ২১ ৰপৰা ২৩ ডিচেম্বৰৰ ভিতৰত ব্রিটেইনৰপৰা আহিছে, তেওঁলোকৰ বাধ্যতামূলক ভাৱে RT-PCR পৰীক্ষা কৰাব লাগিব ।
৩) পৰীক্ষা ৰিপৰ্ট পজিটিভ আহিলে স্পাইক-জিন নির্ভৰশীল RT-PCR পৰীক্ষা কৰাব লাগিব ।
৪) পজিটিভ যাত্রীসকল চিকিৎসালয়ৰ আইচ’লেচনত থাকিব লাগিব ।
৫) কোনো যাত্রীৰ শৰীৰত নতুন ক’ভিড-১৯ৰ ষ্ট্ৰেইট ধৰা পৰিলে তেওঁ বর্তমান চিকিৎসা প্রট’কল অনুযায়ী চলিব লাগিব । সংক্রমণৰ তীব্রতা অনুযায়ী হয় হ’ম আইচ’লেচন বা চিকিৎসালয়ত ভর্তি হ’ব লাগিব ।
৬) কোনো ব্যক্তিৰ শৰীৰত নতুন ক’ভিড-১৯ ভাইৰাচৰ ষ্ট্ৰেইট পোৱা গ’লে তেওঁ বিশেষ আইচ’লেচনত থাকিব লাগিব ।
৭) বিমানবন্দৰত কৰা RT-PCR পৰীক্ষাৰ ৰিপৰ্ট নিগেটিভ আহিলে হ’ম কোৱাৰেন্টিনৰ পৰামর্শ মানি চলিব লাগিব ।
৮) কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে জনোৱা অনুসৰি, সকলো ৰাজ্যই এই ষ্টেণ্ডাৰ্ড অপাৰেটিং প্রচিডিং মানি চলিব লাগিব ।










