![]()
নিউজ ডেস্কঃ
কৰোনাৰ আৰটি-পিচিআৰ পৰীক্ষা কৰা হ’ব ব্রিটেইন ফেৰত সকলো যাত্রীৰ। কোভিডৰ এই নতুন প্রট’কল জাৰি কৰিলে চৰকাৰে। মঙ্গলবাৰে ঘোষিত সেই প্রট’কলত কোৱা হৈছে যে সকলো যাত্রীৰ দেহত নতুন কৰোনাৰ প্রজাতিৰ সন্ধান লাভ কৰিলে তেওঁলোকৰ বাবে পৃথকভাবে আইছলেছনৰ ব্যৱস্থা কৰা হ’ব।
ব্রিটেইনত কৰোনাৰ নতুন প্রজাতিক লৈ সমগ্র বিশ্বত উদ্বেগ বিয়পিছে। ইউৰোপীয়ান চেন্টাৰ ফৰ ডিজিছ কন্ট্রোলে এই নতুন প্রজাতিক বহু বেছি সংক্রামক বুলি দাবী কৰিছে। আৰু ই কম বয়সীয়াসকলক বেছিকৈ প্রভাবিত কৰিছে। এই কথা জনাইছে কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে।
এক বিবৃতিত মন্ত্ৰালয়ে জনাইছে, ১৭ বাৰ নিষেচনৰ পিছত নতুন এই প্রজাতি আহিছে। যি নেকি আৰু অধিক সংক্রামক আৰু মানুহৰ মাজত দ্রুততাৰে বিয়পি পৰিছে। ইউৰোপৰ প্রায় ৩০খন দেশে ব্রিটেইনৰ সৈতে বিমান যোগাযোগ ব্যৱস্থাত নিষেধাজ্ঞা জাৰি কৰিছে। ভাৰতেও একেই সিদ্ধান্ত লৈছে। সোমবাৰেই কেন্দ্রই ঘোষণা কৰে যে বুধবাৰৰ পৰা ব্রিটেইনৰ কোনো যাত্রিবাহী বিমান দেশখনত প্ৰৱেশ কৰিব নোৱাৰিব। এই নিষেধাজ্ঞা জাৰি থাকিব ৩১ ডিচেম্বৰ নিশা পর্যন্ত।
ইয়াৰ মাজতে আজি চেন্নাই বিমানবন্দৰত ব্রিটেইন ফেৰত এজন যাত্রীৰ কোভিড পজিটিভ ধৰা পৰিছে। কৰোনাৰ নতুন প্রজাতিৰ সংক্রমণ হয়নে নহয় সেয়া পৰীক্ষা কৰি চাবলৈ তেওঁৰ নমুনা পৰীক্ষাৰ বাবে পুণেলৈ প্ৰেৰণ কৰা হৈছে।
আনহাতে, সোমবাৰে নিশা দিল্লীত ব্রিটেইন ফেৰত পাঁচ যাত্রীৰ কোভিড পজিটিভ ধৰা পৰে। সংবাদ সংস্থা এএনআই সূত্র মতে, উক্ত যাত্রীসকলৰ নমুনা নেচনেল চেন্টাৰ ফৰ ডিজিছ কন্ট্রোললৈ পঠোৱা হৈছে। এয়াৰ ইণ্ডিয়াৰ উক্ত বিমানখনত মুঠ ২৬৬ জন যাত্রী আছিল বুলি জানিব পৰা গৈছে।










