![]()
নিউজ ডেস্কঃ
আলিগড় মুছলিম বিশ্ববিদ্যালয়লৈ গৈ সম্প্রীতিৰ বার্তা দিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। বিশ্ববিদ্যালয়ৰ শতবর্ষৰ অনুষ্ঠানত প্রধানমন্ত্রীয়ে কয়, ধর্ম-বর্ণ নির্বিশেষে সকলোৱে সংবিধানৰ সকলো অধিকাৰ ভোগ কৰে। উন্নয়নৰ প্রশ্নত চৰকাৰেও জাতি-ধর্মৰ ভেদাভেদ কৰা নাই বুলি মন্তব্য কৰে মোদীয়ে।
সোমবাৰে উত্তৰ প্রদেশৰ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ শতবর্ষ উদযাপন অনুষ্ঠানত মুখ্য অতিথি আছিল প্রধানমন্ত্রী মোদী। তাত ছাত্র-ছাত্ৰীসকলক উদ্দেশ্যি তেওঁ কয়, ‘‘দেশ এনে এক উন্নয়নৰ পথত আগবাঢ়িছে, য’ত দুখীয়া-মধ্যবিত্তসকলৰ বাবে চৰকাৰৰ সকলো উন্নয়নমূলক প্রকল্প ধর্মীয় ভেদাভেদ অবিহনে দেশৰ সকলোৰে ওচৰত সমানভাবে গৈছে। আমি এনে পথত আগবাঢ়িছোঁ, য’ত ধর্মৰ কাৰণে কাকোৱেই পিছুৱাই ৰখা হোৱা নাই আৰু সকলোৱে নিজৰ স্বপ্ন পূৰণৰ লক্ষ্যত আগবাঢ়িছে।’’
বিজেপিৰ বিৰুদ্ধে ধর্মীয় মেৰুকৰণৰ নিৰন্তৰ অভিযোগ আৰু উগ্র জাতীয়তাবাদৰ ৰাজনীতিৰ অভিযোগ সন্দৰ্ভত প্রধানমন্ত্রীয়ে আশ্বস্ত কৰে, ‘‘সমাজত নানা ধৰণৰ মতাদর্শগত বিভেদ থাকিব পাৰে। কিন্তু যেতিয়া উন্নয়নৰ প্রসঙ্গ আহে, যেতিয়া জাতীয়তাবাদৰ প্রশ্ন উঠে, সেই সকলো ভেদাভেদ মচা যায়। আলিগড়ত এই কথা কৈছো, কাৰণ এই বিশ্ববিদ্যালয়ে বহু স্বাধীনতা সংগ্রামী দিছে। তেওঁলোকৰ আদর্শগত মতপার্থক্য আছিল। কিন্তু সেইবোৰ দূৰত আঁতৰাই ৰাখি কেৱল স্বাধীনতাৰ বাবে তেওঁলোকে যুঁজিছিল।’’ দেশৰ উন্নয়নৰ প্রশ্নত ৰাজনীতি কৰা উচিত নহয় বুলিও মন্তব্য কৰে প্রধানমন্ত্রীয়ে।










