![]()
নিউজ ডেস্কঃ
প্রধানমন্ত্রী নৰেন্দ্র মোদীক আমেৰিকাৰ সর্বোচ্চ সন্মানেৰে ভূষিত কৰিলে বিদায়ী মার্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। ‘লিজিও অৱ মেৰিট’ প্ৰদান কৰিলে মোদীক।
সোমবাৰে মোদীৰ হৈ এই পুৰস্কাৰ গ্ৰহণ কৰে আমেৰিকাৰ ভাৰতীয় ৰাষ্ট্রদূত তৰণজিৎ সান্ধুই। হোৱাইট হাউছত তেওঁৰ হাতত পুৰস্কাৰ অৰ্পণ কৰে মার্কিন নিৰাপত্তা উপদেষ্টা ৰবার্ট অ’ব্রায়েনে। তেওঁ টুইটাৰত লিখে, ‘ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰতীয় প্রধানমন্ত্রী নৰেন্দ্র মোদীক লিজিও অৱ মেৰিট পুৰস্কাৰেৰে ভূষিত কৰে, দুই দেশৰ কৌশলগত অংশীদাৰিত্ব বৃদ্ধিৰ ক্ষেত্রত তেওঁৰ ভূমিকাৰ বাবে।’
মোদীৰ উপৰি এই পুৰস্কাৰ লাভ কৰিছে জাপানৰ প্রাক্তন প্রধানমন্ত্রী শিনজো আবে আৰু অস্ট্রেলিয়াৰ প্রধানমন্ত্রী স্কট মৰিছনে।










