![]()
নিউজ ডেস্কঃ
কৰোনা ভাইৰাছৰ নতুন অধ্যায় স্ট্রেনৰ উপস্থিতি ব্রিটেইনত। আৰু সেয়া ৭০ শতাংশ বেছি দ্রুততাৰে বিয়পে। ব্রিটেইনৰ স্বাস্থ্য সচিব মেট হেনককে জনোৱা মতে, নতুন এই স্ট্রেন ‘নিয়ন্ত্রণৰ বাহিৰত’। তেওঁৰ পৰামর্শ, সকলোৱে টীকা নোপোৱা পর্যন্ত ইংলেণ্ডৰ বহু অংশৰ নাগৰিক সময়িকভাৱে ঘৰতেই থাকিব লাগিব।
ইফালে দেওবাৰৰ পৰাই লণ্ডন আৰু দক্ষিণ–পূব ইংলেণ্ডত কঠোৰ লকডাউন জাৰি হৈছে। ইয়াৰ ফলত আগন্তুক কেইবা সপ্তাহ গৃহবন্দী হৈ থাকিব লাগিব ১ কোটি ৬০ লাখ ব্রিটেইনবাসী। বৰদিন পালনৰ ওপৰতো জাৰি হৈছে কঠোৰ নিষেধাজ্ঞা। ঘৰৰ ভিতৰতো সমাবেশ কৰিব নোৱাৰিব। এটা ঘৰৰ মানুহ আন এটা ঘৰত প্রবেশ কৰিব নোৱাৰিব।

স্টেচনসমূহত প্রচুৰ সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে যাতে বিনা প্রয়োজনত কোনেও অন্য চহৰলৈ যাব নোৱাৰে। শনিবাৰে পুৱা পর্যন্ত চাৰে তিনি লাখ ব্রিটেইনবাসীক টীকা দিয়া হৈছে। চলিত সপ্তাহৰ শেষত পাঁচ লাখ মানুহৰ টীকাকৰণ হৈ যাব বুলি আশা কৰিছে প্রশাসনে। প্রধানমন্ত্রী বৰিছ জনছনে ভাবিছিল, উৎসবৰ পাঁচ দিন বাধা-নিষেধ শিথিল কৰিব। কিন্তু কৰোনাৰ নতুন এই স্ট্রেনৰ সন্ধানৰ পিছত সলনি হৈছে পৰিকল্পনা।
ইংলেণ্ডত সংক্রমণৰ গতি বৃদ্ধিত সতর্ক হৈছে স্কটলেণ্ড আৰু ৱেলছ। ইংলেণ্ডৰ নাগৰিকসকলৰ স্কটলেণ্ডত প্ৰৱেশ নিষিদ্ধ কৰিছে প্রশাসনে। আনহাতে, দক্ষিণ–পূব ইংলেণ্ডৰ দৰেই ৱেলছত পুনৰ লকডাউন ঘোষণা কৰা হৈছে।










