![]()
নিউজ ডেস্কঃ
ব্রিটেইন আৰু আমেৰিকাত আৰম্ভ হৈছে কৰ’নাৰ টিকাকৰণ কাৰ্যসূচী । ভাৰতবৰ্ষত অহা ছয়ৰপৰা সাত মাহৰ ভিতৰত ৩০ কোটি মানুহক টিকাকৰণ কৰাৰ কথা ঘোষণা কৰিছে কেন্দ্রীয় স্বাস্থ্যমন্ত্রীয়ে । টিকাকৰণৰ অগ্রাধিকাৰৰ তালিকাত ৰৈছে চিকিৎসক আৰু স্বাস্থ্যকর্মীসকল । কিন্তু ভেক্চিন গ্ৰহণ কৰিবলৈ বিচাৰিলে নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব । নাম পঞ্জীয়নৰ বাবে প্রয়োজন হ’ব পৰিচয়-পত্রৰ । এই ক্ষেত্ৰত গ্ৰহণযোগ্য পৰিচয়-পত্রৰ তালিকাখন হ’ল-
১) ভোটাৰ আই কার্ড বা ফটো সন্নিৱিষ্ট পৰিচয়-পত্র
২) পেন কার্ড
৩) বেংক বা প’ষ্ট অফিচৰ পাছবুক
৪) ড্রাইভিং লাইচেঞ্চ
৫) শ্রম মন্ত্ৰালয়ৰ অধীনত ইচ্যু কৰা স্বাস্থ্য বীমা স্মার্ট কার্ড
৬) মহাত্মা গান্ধী জাতীয় ৰোজগাৰ যোজনা প্রকল্পৰ জব কার্ড
৭) বিধায়ক, সাংসদ, পূৰ্বপুৰুষৰ পৰিচয় পত্র
৮) পেঞ্চন প্রাপকসকলৰ নথি
৯) পাছপ’র্ট
১০) কেন্দ্রীয় বা ৰাজ্যিক চৰকাৰী কর্মচাৰীসকলৰ সংশ্লিষ্ট কর্তৃপক্ষৰ দ্বাৰা ইচ্যু কৰা পৰিচয় পত্র
১১) পাব্লিক লিমিটেড কোম্পানীয়ে ইচ্যু কৰা পৰিচয় পত্র
উপৰোক্ত যি কোনো এখন নথি কৰ’না ভেক্চিন লোৱাৰ ক্ষেত্রত নাম পঞ্জীয়নৰ সময়ত ব্যৱহাৰ কৰিব পাৰিব ৷ পঞ্জীয়নৰ সময়ত ব্যৱহাৰ কৰা ফটো সন্নিৱিষ্ট পৰিচয়-পত্রৰ অৰিজিনেল কপি ভেক্চিন গ্ৰহণ কৰিবলৈ যাওঁতে পৰীক্ষণৰ বাবে ।
কৰ’না ভেক্চিন কেঞ্চাৰ, ডায়েবেটিচ, উচ্চ ৰক্তচাপ জনিত ৰোগত আক্রান্ত সকলেও গ্ৰহণ কৰিব পাৰিব বুলি জনাইছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰপৰা ৷










