স্বাস্থ্য প্ৰতিবেদন:
উজ্জ্বল মসৃণ ছাল পোৱাৰ ইচ্ছা আমাৰ সকলোৰেই থাকে। চাহিদা অনুযায়ী সুন্দৰ উজ্জ্বল ছাল পাবৰ বাবে বজাৰত বিভিন্ন নামী-দামী কোম্পানীৰ ক্রিম পোৱা যায়। কিন্তু প্রাচীনকালৰ পৰাই ৰূপচর্চাযত ব্যৱহৃত হৈ আহিছে বিভিন্ন প্রাকৃতিক উপাদান। তেনে এটি প্রাকৃতিক উপাদান হ’ল তেজপাত। ৰন্ধনৰ স্বাদ বৃদ্ধিত ব্যৱহৃত এই উপাদান আমাৰ সকলোৰেই অতি পৰিচিত। পিছে ছাল আৰু চুলিৰ যত্নতো ইয়াৰ আছে বিশেষ উপকাৰিতা।
১) উফি ৰোধত তেজপাত :
উফি ৰোধৰ ক্ষেত্রত ব্যৱহাৰ কৰক তেজপাতৰ গুড়ি। ছেম্পু কৰাৰ আগতে এটি পাত্রত তেজপাত গুড়ি আৰু কিছু টেঙা দৈ ভালদৰে মিহলাই সেয়া চুলিত আৰু তালুত ভালদৰে লগাওক। আধাঘন্টামানৰ পিছত ছেম্পু কৰি ধুই পেলাওক। নিয়মিত এই মিশ্রণ ব্যৱহাৰ কৰিলে উফিৰ সমস্যা দূৰ হোৱাৰ লগতে চুলি হৈ উঠিব মজবুত আৰু উজ্জ্বল।
২) শালমইনা দূৰ কৰিবলৈ :
ঘৰুৱা উপায়ত শালমইনা দূৰ কৰিবলৈ হ’লে তেজপাতৰ তুলনা নাই।তেজপাতত আছে বিভিন্ন ভেষজ গুণ যিয়ে ছালৰ শালমইনা সম্পূর্ণভাবে নির্মূল কৰি দিয়ে।
মুখৰ শালমইনা দূৰ কৰিবলৈ এটি পাত্রত কেইটামান তেজপাত পানীত ভালদৰে উতলাওক। ইয়াৰ পিছত গৰম পানীখিনি চাকনিৰে চেকি এটি পাত্রত ৰাখক। এই পানীৰে নিয়মিত মুখ ধুলে শালমইনাৰ সমস্যা বহুখিনি কমি যাব।
৩) দাঁতৰ হালধীয়া দূৰ কৰিবলৈ :
বহুতৰে দাঁত জন্মগত
ভাবেই হালধীয়া। আনহাতে, বহুতৰ যত্নৰ অভাৱত দাঁত হালধীয়া হৈ যায়। কিন্তু কাৰণ যিয়েই নহওক দাঁতৰ এই অৱস্থাই বহু সময়ত অস্বস্তিত পেলায়। ৰাসায়নিক মিশ্রিত টুথপেষ্ট অবিহনেই দাঁতৰ হালধীয়া দাগৰ পৰা মুক্তি পাব পাৰে তেজপাত ব্যৱহাৰ কৰি।
দাঁতৰ হালধীয়া ভাবৰ পৰা মুক্তি পাবলৈ প্রত্যেক দিনে দাঁত মজাৰ সময়ত পেষ্টৰ সৈতে তেজপাত বটা ব্যৱহাৰ কৰক। সম্পূৰ্ণ এসপ্তাহ ইয়াৰ ব্যৱহাৰ কৰিলে দাঁত একবাৰে বগা হৈ পৰিব।
৪) চুলিৰ কন্ডিচনাৰ হিচাবে তেজপাত :
কন্ডিচনাৰ চুলিৰ যত্নৰ এটি গুৰুত্বপূর্ণ অংশ। ছেম্পুৱে যেনেকৈ চুলি পৰিষ্কাৰ কৰে তেনেদৰে কন্ডিচনাৰে চুলিৰ আদ্রতা বজায় ৰাখে আৰু চুলিক উজ্জ্বল কৰি ৰাখে। কিন্তু অত্যধিক কেমিকেল মিশ্রিত কন্ডিচনাৰে চুলিৰ ভাল কৰাৰ সলনি চুলিৰ অধিক ক্ষতি কৰে।
এটি পাত্রত পানী দি তেজপাত ভালদৰে সিদ্ধ কৰক। ছেম্পু কৰাৰ পিছত এই পানীৰে ভালদৰে চুলি ধুলে দেখিব অন্য একো ব্যৱহাৰ নকৰাকৈয়ে চুলি সুন্দৰ হৈ থাকিব।
৫) ছালৰ দাগ :
ছালৰ দাগৰ সমস্যা দূৰ কৰিবলৈ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰক টেঙা দৈ আৰু তেজপাত।
এটি পাত্রত তেজপাত বটা আৰু টেঙা দৈ ভালদৰে মিহলাই মুখত ঘহিলে ছালৰ যিকোনো ধৰণৰ দাগ দূৰ হ’ব। কেৱল মুখতে নহয় এই মিশ্রন হাত আৰু ভৰিৰ দাগ দূৰ কৰাৰ বাবেও ব্যৱহাৰ কৰিব পাৰে।













