![]()
নিউজ ডেস্কঃ
দেশৰ ৰাজধানী দিল্লীত পুনৰ শীতৰ প্ৰকোপ আৰম্ভ৷ আজি পুৱাৰ ভাগত তাপমাত্ৰা ৩.৯° চেলছিয়াছলৈ হ্ৰাস পাইছে । আজি শীতকালৰ সৰ্বনিম্ন তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়ে ৷
Safdarjung Observatory, যিটোৱে চহৰখনৰ তথ্যপাতিসমূহ মজুত ৰাখে তেওঁলোকে কয় যে এই তাপমাত্ৰা নিম্ন তাপমাত্ৰাতকৈ ৪°চেলছিয়াছ কমি আছে ৷ লোধি পথ আৰু আয়ানগৰত পাৰাস্তম্ভ ৩.৩ আৰু ৩.৪° চেলছিয়াছলৈ নামিছে ৷

বৃহস্পতিবাৰে এই তাপমান ১৫.২° চেলছিয়াছ আৰু শুক্ৰবাৰে ১৯.৮°ছেলচিয়াছ আছিল ৷
সাধাৰণতে Cold day বুলিলে ১০°তকৈ তলত আৰু সৰ্বনিম্ন ৪.৪°চেলছিয়াছ হোৱাটো বুজায় । গতিকে স্বাভাৱিকতেই দিল্লীত আংশিকভাৱে জনজীৱন ব্যাহত হোৱাৰ সম্ভাৱনা আছে৷










