![]()
নিউজ ডেস্কঃ
ক’ৰোনা পৰিস্থিতিৰ বাবে যাত্রী পৰিবহণত ভাৰতীয় ৰে’লৰ উপাৰ্জন কমিছে প্রায় ৮৭ শতাংশ। ৰে’ল মন্ত্ৰালয়ে জনোৱা মতে, বিগত বছৰ এই খণ্ডত উপাৰ্জন হৈছিল ৫৩ হাজাৰ কোটি টকা। এই বছৰ সেয়া নামি আহিছে ৪,৬০০ কোটিলৈ।
ভাৰতীয় ৰেলৱে বোর্ডৰ চেয়াৰমেন তথা চিইও বিনোদ কুমাৰ যাদৱে শুক্রবাৰে জনায়, ক’ৰোনা অতিমাৰি পৰিস্থিতিত খাদ্যশস্য, সাৰসহ কিছু পণ্যৰ পৰিবহণ বাঢ়িছে। তাৰ পৰা যাত্রী পৰিবহণ ক্ষেত্রৰ ক্ষতি কিছু চম্ভালিব পৰা সম্ভৱ হ’ব।
কাগজে-কলমে বিগত বছৰৰ তুলনাত যাত্রী পৰিবহণত ৪৮,৪০০ কোটি টকা উপাৰ্জন কমিলেও মূদ্রাস্ফীতিজনিত হিচাব ধৰিলে সেয়া আৰু বেছি বুলি ৰে’ল বিভাগৰ সূত্রত প্ৰকাশ।










