![]()
নিউজ ডেস্কঃ
অন্তিমবাৰ প্রধানমন্ত্রী হিচাবে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ সমাবর্তনত অংশগ্ৰহণ কৰিছিল লালবাহাদুৰ শাস্ত্রীয়ে। সেয়া আছিল ১৯৬৪ চনৰ কথা। তাৰ পিছত বিগত চাৰে পাঁচ দশকৰ ভিতৰত আৰু কোনো প্রধানমন্ত্রীয়ে এএমইউৰ কোনো অনুষ্ঠানত অংশগ্ৰহণ কৰা নাই। সেই সুদীর্ঘ অপেক্ষাৰ এইবাৰ অৱসান ঘটিবলৈ আগবাঢ়িছে। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ শতবর্ষৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। অহা ২২ ডিচেম্বৰত এএমইউৰ সভাত বক্তব্য ৰাখিব মোদীয়ে। প্রধানমন্ত্রী হিচাবে এই প্রথমবাৰ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ কোনো অনুষ্ঠানত অংশগ্ৰহণ কৰিব ওলাইছে মোদীয়ে।
বুধবাৰে এএমইউৰ উপাচাৰ্য তাৰিক মনছুৰে জনোৱা মতে, “শতবর্ষৰ এই অনুষ্ঠান আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ বাবে মাইলৰ খুঁটি হৈ থাকিব। আমন্ত্রণ গ্রহণ কৰাৰ বাবে মই প্রধানমন্ত্রীক ধন্যবাদ জনাইছো। এই ঐতিহাসিক অনুষ্ঠানত প্রধানমন্ত্রীৰ উপস্থিতিয়ে আমাৰ বিশ্ববিদ্যালয়ৰ পৰিসৰ বৃদ্ধিত সহায় কৰিব। বিশ্ববিদ্যালয়ৰ উন্নতি আৰু শিক্ষাৰ্থীসকলৰ ভবিষ্যতৰ বাবেও উপযোগী হ’ব।” প্রধানমন্ত্রীৰ উপৰি শিক্ষামন্ত্রী ৰমেশ পোখৰিয়াল নিশাঙ্কও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। পূৰ্বে ৰাষ্ট্রপতি ৰামনাথ কোভিন্দে এই শতবর্ষৰ অনুষ্ঠান উদ্বোধন কৰাৰ কথা আছিল। কিন্তু শেষত নিজৰ পৰিকল্পনা সলনি কৰে। অহা বছৰ ফেব্রুৱাৰীত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৰাষ্ট্রপতিয়ে। অৱশ্যে সকলো অনুষ্ঠানেই হ’ব ভাৰচুৱেলি।
ইফালে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ এই আলিগড় বিশ্ববিদ্যালয়ৰ অনুষ্ঠানত অংশগ্ৰহণ ৰাজনৈতিকভাবেও যথেষ্ট গুৰুত্বপূর্ণ। কেৰালা, বংগ, অসমৰ নির্বাচনৰ পূৰ্বে এএমইউৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিলে সংখ্যালঘুসকলৰ উদ্দেশ্যে এটা বার্তাতো যাবই। ‘সবকা সাথ, সবকা বিকাশ’ৰ শ্লোগানৰ প্রচাৰও ভালদৰেই হ’ব। কিন্তু, মোদীৰ এই ভ্ৰমণক কেন্দ্ৰ কৰি অন্য আশঙ্কাও কৰিছে বিশ্ববিদ্যালয় কর্তৃপক্ষই। এতিয়াও প্রধানমন্ত্রীৰ ভ্ৰমণক লৈ এএমইউ ছাত্র সংসদে একো কোৱা নাই। কোনো সংঠনে বয়কটৰ ভাবুকিও দিয়া নাই। তথাপি এক অজান অশান্তি আশঙ্কা ৰৈ গৈছে। আৰু তাৰ বাবেই সম্ভৱত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই মোদীৰ এই অনুষ্ঠানক ‘ৰাজনীতিৰ ঊর্ধ্ব’ত ৰাখিবলৈ অনুৰোধ কৰিছে।










