![]()
নিউজ ডেস্কঃ
বিক্ৰী হ’ব বাৰাণসীত থকা মোদীৰ দলীয় কার্যালয় ! মূল্য ৭ কোটি টকা। সম্প্রতি এনে এটি বিজ্ঞাপন বিয়পি পৰিছে ই-কমাৰ্চ ৱেবছাইট অ’এলএক্সত। এতিয়া তাকে লৈ আৰম্ভ হৈছে বিতর্ক। পৰিস্থিতি এনে পর্যায়ত উপস্থিত হৈছে যে আৰক্ষীৰ ওচৰত অভিযোগ পর্যন্ত দাখিল কৰা হৈছে।
বিজ্ঞাপনটোত কোৱা হৈছে যে বাৰাণসীৰ ৪টা কোঠালি বিশিষ্ট এই দলীয় কার্যালয়ত আছে চাৰিটা বাথৰুম। একোটা কোঠালিৰ মুঠ কালি ৬,৫০০ বৰ্গ ফুট। অ’এলএক্সত ঘৰটোৰ মূল্য নির্ধাৰণ কৰা হৈছে সাত কোটি টকা। এই বিষয়টো সন্দৰ্ভত বিজেপিয়ে আৰক্ষীৰ ওচৰত বিজ্ঞাপনটোক লৈ অভিযোগ দাখিল কৰিছে।
অৱশ্যে আৰক্ষীৰ হস্তক্ষেপত বিজ্ঞাপনটো পিছত আঁতৰাই দিয়া হয়। লগতে যিয়ে এই বিজ্ঞাপন দিছে, তেওঁলোককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। বিজ্ঞাপনটো লক্ষ্মীকান্ত ওজা নামৰ এজন ব্যক্তিয়ে দিছিল বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।










