![]()
নিউজ ডেস্কঃ
কৃষক আন্দোলনত উত্তাল দেশ। কৃষকসকলৰ বিক্ষোভত প্ৰচণ্ড শীততো উত্তপ্ত সিংঘু সীমান্ত। দিল্লীৰ মচনদত তাৰ যথেষ্ট গুঞ্জন উঠিছে সেইটো স্পষ্ট। তেনে পৰিস্থিতিত কৃষি আইনৰ সমর্থনত মধ্যপ্রদেশৰ কৃষকসকলক ‘উন্নয়নৰ কাহিনী’ শুনালে আবেগপ্রৱণ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে।
শুক্রবাৰে মধ্যপ্রদেশৰ ৰায়সেন জিলাত অনুষ্ঠিত ‘কিষাণ কল্যাণ’ অনুষ্ঠানত ভিডিও কনফাৰেন্সৰ মাধ্যমেৰে বক্তব্য ৰাখে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। কেন্দ্রৰ তিনিখন নতুন কৃষি আইনক লৈ বিতর্কৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আবেগপ্রৱণ হৈ পৰে প্রধানমন্ত্রী। তেওঁ কয়, “মই সকলো ৰাজনৈতিক দলৰ ওচৰত হাতযোৰ কৰিছো, আপোনালোকেই সকলো কৃতিত্ব লওক, মই আপোনালোকৰ নির্বাচনী ইস্তাহাৰবোৰকো কৃতিত্ব দিছোঁ। মই কেৱল বিচাৰো কৃষকসকলৰ জীৱন আৰু সহজ হৈ উঠক। কৃষি ক্ষেত্রত আধুনিকীকৰণ আৰু উন্নয়ন বিচাৰো মই। ফচলৰ ন্যূনতম সহায়ক মূল্য (MSP) দিয়া হ’ব।” কৃষি আইনৰ সমর্থনত মোদীয়ে কয়, “এই আইন একে ৰাতিতে সৃষ্টি হোৱা নাই। বিগত ২০-৩০ বছৰ ধৰি কেন্দ্র, ৰাজ্য আৰু অর্থনীতিবিদ তথা কৃষকসকলৰ সৈতে সুদীর্ঘ আলোচনাৰ পিছত এই আইনৰ ৰূপৰেখা প্ৰস্তুত কৰা হৈছে। বৰ্তমান বহু কৃষকক কিষাণ ক্রেডিট কার্ড দিয়া হৈছে। মধ্যপ্রদেশৰ ১৬ লক্ষ কৃষকৰ বেংক একাউণ্টত ১৬ হাজাৰ কোটি টকা দিয়া হৈছে।”
ইফালে ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, নিজৰ বক্তব্যত প্রধানমন্ত্রী এইটো স্পষ্ট কৰি দিছে যে বিৰোধীয়ে কেৱল মাত্র বিৰোধিতাৰ বাবে আইনখনৰ প্রতিবাদ কৰিছে। ক্ষমতাত থাকোতে তেওঁলোকেই আইনখন প্রণয়ন কৰাৰ কথা কৈছিল। অথচ এতিয়া তেওঁলোকে কৃষকসকলক ভুলকৈ বুজাইছে। মুঠতে নিজৰ বক্তব্যত প্রধানমন্ত্রীয়ে ইঙ্গিততে স্পষ্ট কৰি দিয়ে যে কৃষকসকলৰ উন্নয়নৰ কথা ভাবিয়েই নতুন আইন অনা হৈছে। সেয়ে সদ্যহতে কৃষি আইন বাতিল নহয়।










