![]()
নিউজ ডেস্কঃ
CBIএ বেংক জালিয়াতিৰ সন্দৰ্ভত পৃথকে পৃথকে দুটাকৈ গোচৰ তৰিছে ৷ তাৰে এটা প্ৰায় ৪৫২.৬২ কোটি আৰু আনটো ৭২.৫৫ কোটিৰ ৷ CBIএ বৰ্তমান গুজৰাট আৰু মুম্বাইৰ ৯টা বিভিন্ন স্থানত তালাচী আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ৷
প্ৰথমটো গোচৰ এখন ব্যক্তিগত ফাৰ্মৰ বিৰুদ্ধে STATE BANK OF INDIAএ দাখিল কৰা অভিযোগৰ ভিত্তিত তৰিছে ৷ তাত উল্লেখ কৰামতে ২০১৩ৰপৰা ২০১৭চনৰ ভিতৰত ৪৫২.৬২কোটি টকাৰ জালিয়াতি ফাৰ্মখনে কৰিছে ৷ ফাৰ্মখনে STATE BANK OF INDIA, BANK OF BARODA, CENTRAL BANK OF INDIA, BANK OF MAHARASTRA, PANJAB NATIONAL BANK আৰু VIJAYA BANKৰ সৈতে সৰ্বমুঠ প্ৰায় ৪৫২.৬২ কোটি টকাৰ জালিয়াতি কৰা বুলি অভিযোগ দাখিল কৰা হৈছে ৷
আজি পুৱাৰ ভাগত আহমেদাবাদৰ চাৰিটা স্থানত CBIএ তালাচী আৰম্ভ কৰি প্ৰতিস্থানটোৰ প্ৰবন্ধক আৰু আনসকল বিষয়াক বিছাৰি আছে ৷










