![]()
নিউজ ডেস্কঃ
কৃষি আইনৰ বিৰুদ্ধে দেশৰ কৃষকসকলে কৰা আন্দোলনে তিনিটা সপ্তাহ অতিক্ৰম কৰাৰ পথত। কৃষকসকলৰ বিক্ষোভৰ ফলত দেশৰ অর্থনীতিও যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে।
দেশৰ বাণিজ্য আৰু উদ্যোগৰ প্রিমিয়াৰ চেম্বাৰ এছোছেমে কৈছে যে দেশত চলি থকা কৃষকৰ আন্দোলনৰ কাৰণে অর্থনীতিত বহু ক্ষতি কৰিছে। এছোছেমে প্ৰকাশ কৰা মতে, মূলত কৃষকসকলৰ আন্দোলনৰ কাৰণে দেশত প্রতিদিনে ৩,০০০-৩,৫০০ কোটি টকাৰ লোকচান হৈছে। প্রায় তিনি সপ্তাহ ধৰি চলা কৃষকসকলৰ আন্দোলনৰ পৰিস্থিতিত প্রায় ৭৫ হাজাৰ কোটি লোকচান হোৱা বুলি অনুমান কৰা হৈছে।
এছোছেমে কৈছে, কৃষকসকলৰ আন্দোলনৰ কাৰণে পঞ্জাব, হাৰিয়ানা, হিমাচল প্রদেশ আৰু জম্মু-কাশ্মীৰৰ অর্থনীতি ক্ষতিগ্ৰস্ত হৈছে। সেয়ে নতুন কৃষি আইনৰ বিষয়ত দ্রুততাৰে অচলাৱস্থা অপসাৰণৰ বাবে এছোছেমে কেন্দ্রীয় চৰকাৰ আৰু কৃষক সংগঠনবোৰৰ ওচৰত আবেদন জনাইছে।










