![]()
নিউজ ডেস্কঃ
আগন্তুক ২৬ জানুৱাৰীৰ গণতন্ত্র দিৱস উদযাপন অনুষ্ঠানত মুখ্য অতিথিৰ আসনত দেখা যাব ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছনক। ব্রিটেইনৰ বিদেশ মন্ত্ৰালয়ে জনোৱা মতে, নতুন দিল্লীৰ আমন্ত্রণ গ্রহণ কৰিছে জনছনে।
ব্রিটেইনৰ বিদেশ সচিব ডমিনিক ৰৱে মঙ্গলবাৰে কয়, ‘‘প্রধানমন্ত্রী জনছনে ভাৰত গণতন্ত্র দিৱসত প্রধান অতিথি হোৱাৰ আমন্ত্রণ গ্রহণ কৰিছে। এইটো আমাৰ বাবে অত্যন্ত সন্মানৰ বিষয়।’’ তেওঁ লগতে জনায়, অহা বছৰ ব্রিটেইনত আয়োজিত জি-৭ শীর্ষ সন্মিলনত যোগদানৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীক আমন্ত্রণ জনাইছে জনছনে।










