![]()
নিউজ ডেস্কঃ
নিউয়ৰ্কৰ এটা নিৰ্ভৰযোগ্য সংবাদ সূত্ৰৰ মতে UV-LED-এ সোনকালে আৰু কাৰ্যকৰী হোৱাকৈ কৰ’নাভাইৰাছ ধ্বংস কৰিব পাৰে বুলি বিজ্ঞানীয়ে গৱেষণাত শেহতীয়াকৈ তথ্য লাভ কৰিছে যিটো ব্যৱহাৰযোগ্য কৰি পানীৰ উৎস আৰু বাতানুকূল কক্ষত কামত লগাব পৰা যাব ৷
Photochemistry আৰু Photobiology B: Biology-ৰ এখন জ্যাৰ্ণেলত গৱেষণালব্ধ তথ্যখিনি সবিস্তাৰে প্ৰকাশ পাইছে ৷ তাত আল্ট্ৰা-ভায়’লেট ৰশ্মিৰ বিভিন্ন তৰংগদৈৰ্ঘ্যৰ ৰশ্মিসমূহৰ ক’ভিড-১৯ ভাইৰাছক ধ্বংস কৰাৰ ক্ষমতাৰ বিষয়ে বৰ্ণনা কৰা হৈছে ৷
মাৰ্কিন যুক্তৰাষ্ট্ৰৰ American Friends of Tel Aviv Universityৰ Hadas Mamane নামৰ সহ লেখকজনে কৈছে যে সমগ্ৰ বিশ্বই বৰ্তমান সহজ আৰু কাৰ্যকৰী উপায়েৰে কৰ’নাভাইৰাছ নাশ কৰিবলৈ চেষ্টা কৰি থকাৰ মাজতে আমি এনে এটা উপায় আৱিষ্কাৰ কৰিছোঁ যাৰ বাবে man power-ৰ প্ৰয়োজন কমিব আৰু সহজকৈ এটা কোঠাত UV-LED বাল্ব লগায়েই কাম সমাধা কৰিব পৰা যাব যাৰ ওপৰত বৰ্তমান আৰু কাম চলি আছে ৷ তদুপৰি সমগ্ৰ প্ৰক্ৰিয়াটো এনেদৰে তৈয়াৰ কৰিব লাগিব যাতে মানৱ দেহ সৈতে UV ৰশ্মিৰ পোনপটীয়া সংস্পৰ্শলৈ নাহে৷










