নিউজ ডেক্স:
আপুনি বিভিন্ন উৎসৰপৰা আহি হাতত পৰা বাতৰিসমূহ পঢ়ি ক’ভিড ভেক্চিন লোৱাৰ পাছত হ’ব পৰা সাম্ভাৱ্য পাৰ্শ্বক্ৰিয়াৰ কথা ভাবি শংকিত হৈছে নেকি ? তেনেহ’লে এই ক্ষেত্ৰত পূৰ্বৰেপৰা কাম কৰি থকা বিশেষজ্ঞসকলে কি কয় জানো আহক ৷
এটা সঠিক ভেক্চিনৰ গুণাগুণ হ’ল – ভালদৰে কাম কৰা নিৰাপদ হোৱাটো ৷ ক’ভিড ভেক্চিন যেনে Pfizer-BioNTech ভেক্চিন লোৱাৰ পাছতো সৰুসুৰা পাৰ্শ্বক্ৰিয়া যেনে সামান্য জ্বৰ, বেজী লোৱা ঠাইত পাতলীয়া বিষ, সামান্য মুৰৰ বিষ আৰু গা দুৰ্বল লগা আদি কেতিয়াবা হ’ব পাৰে, যিবোৰ উপসৰ্গ আন কিছুমান বেজী বা ভেক্চিন ল’লেও হোৱা দেখা যায় ৷
Ellen F. Foxman নামৰ immunologist এজনে যোৱা শনিবাৰে কৈছে যে এনেধৰণৰ সামান্য পাৰ্শ্বক্ৰিয়া আপোনাৰ দেহত দেখা যদি পাইছে তেনেহ’লে সেয়া শুভলক্ষণ । অৰ্থাৎ এইটোৱে ইয়াকে সূচায় যে ভেক্চিনটোৱে আপোনাৰ দেহৰ immune system টোক সক্ৰিয় কৰি তুলিছে ৷ যিটো নিতান্তই প্ৰয়োজনীয় ৷
গতিকে শংকিত নহ’ব ৷ সকলোধৰণৰ সম্পৰীক্ষাৰ অন্তত অনুমোদিত ভেক্চিনহে আপোনাৰ দেহত দিয়া হ’ব ৷










