স্বাস্থ্য প্ৰতিবেদন:
১. ডাযেবেটিছ কমোৱাত সহায় কৰে
পূৰৈশাকত আছে লিপোইক এচিড নামৰ এক ধৰণৰ এণ্টি অক্সিডেণ্ট, যিয়ে ৰক্তত শর্কৰাৰ মাত্রা কমোৱাত আৰু ইনছুলিনৰ ভাৰসাম্য বজায় ৰখাত সহায় কৰে। ইয়াৰ উপৰি ই ডায়েবেটিছৰ ক্ষেত্রত পেৰিফেৰাল নিউৰোপেথি আৰু অটোনমিক নিউৰোপেথি কমায়। সেয়ে পূৰৈশাক ডাযেবেটিছ ৰোগীসকলে খোৱাটো উপকাৰী।
২. কেন্সাৰ প্রতিৰোধ কৰে
পূৰৈশাক যিহেতু সেউজীয়া পাচলি, সেয়ে পূৰৈশাকত আছে ক্লোৰোফিল। আৰু এই ক্লোৰোফিলে কাৰ্ছিনোজেনিক প্রভাৱ প্রতিৰোধ কৰাত বিশেষভাবে সহায় কৰে। কাৰণ এই কাৰ্ছিনোজেনিকৰ প্রভাৱতেই কেন্সাৰ হয়। ইয়াৰ উপৰি পূৰৈশাকত থকা ফাইবাৰে পাকস্থলী আৰু কোলন কেন্সাৰ প্রতিৰোধ কৰাত সহায় কৰে। সেয়ে পূৰৈশাকে কেন্সাৰ প্রতিৰোধ কৰাত বিশেষ ভূমিকা পালন কৰে বুলি কোৱা হয়।
৩. এজমা প্রতিৰোধত সহায় কৰে
পূৰৈশাকত আছে বিটা কেৰোটিন যিয়ে এজমা প্রতিৰোধ কৰাত বিশেষ ভূমিকা পালন কৰে।
৪. ৰক্তচাপ নিয়ন্ত্রণত ৰখাত সহায় কৰে
পূৰৈশাকত থকা বিভিন্ন ধৰণৰ উপাদানৰ ভিতৰত অন্যতম হ’ল পটাছিয়াম। এই পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্রণত ৰখাত সহায় কৰে। ইয়াৰ উপৰি পটাছিয়ামে শৰীৰত ছডিয়ামৰ মাত্রা ঠিক ৰখাত সহায় কৰে। সেয়ে পূৰৈশাকে ৰক্তচাপ নিয়ন্ত্রণত ৰখাত বিশেষভাবে সহায় কৰে।
৫. হাড় শক্তিশালী কৰে
পূৰৈশাকত আছে ভিটামিন কে, যিয়ে আমাৰ শৰীৰৰ হাড় শক্তিসালী কৰাত সহায় কৰে। ভিটামিন কেই আমাৰৰ শৰীৰৰ হাড়ক মজবুত কৰি ৰখাত বিশেষ ভূমিকা পালন কৰে যেনে হাড়ৰ মেট্রিক্স প্রোটিন উন্নত কৰে, কেলচিয়াম ধাৰণ ক্ষমতা বঢ়ায় ইত্যাদি। ইয়াৰ উপৰি ইউৰিনত কেলচিয়ামৰ মাত্রাও কম কৰে।
৭. হজম ক্ষমতা বঢ়ায়
আজিকালি বেছিভাগ মানুহেই তেওঁলোকৰ খাদ্যাভাসৰ বাবে পেটৰ সমস্যাত ভোগে। সেয়ে এই সমস্যা সমাধানৰ বাবে পূৰৈশাক খুবেই উপকাৰী। কাৰণ পূৰৈশাকত আছে ফাইবাৰ যিয়ে হজম ক্ষমতা বৃদ্ধি কৰে আৰু শৰীৰৰ পৰা বর্জ্য পদার্থ বাহিৰ কৰি দিয়াত সহায় কৰে। যাৰ ফলত বদহজম, গেছ-এচিডিটী আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ পৰা মুক্তি পোৱা যায়।













