স্বাস্থ্য প্ৰতিবেদন:
সৰিয়হৰ তেলৰ যেনেদৰে প্রচুৰ উপকাৰিতা আছে তেনেদৰে বহু ক্ষতিকৰ দিশো আছে। ইউৰিক এচিড বৃদ্ধিৰ পৰা আৰম্ভ কৰি হাওঁফাওঁৰ সমস্যা সৰিয়হৰ তেলৰ পৰা বহু কিবাকিবি হ’ব পাৰে।
ইউৰিক এচিডৰ সমস্যা বাঢ়ে
কেইবাটাও গৱেষণাত দেখা গৈছে সৰিয়হৰ তেলত ৪২- ৪৭ শতাংশ ইউৰিক এচিড থাকে। তাৰ লগতে থাকে ওমেগা ৯ ফেটি এচিড। আৰু এই ফেটি এচিড শৰীৰৰ পক্ষে বিষ। সেই কাৰণে বেছি পৰিমাণত সৰিয়হৰ তেল খালে ইউৰিক এচিডৰ সমস্যা বাঢ়ে।
হার্টৰ বাবে ক্ষতিকৰ
সৰিয়হত থাকে প্রচুৰ পৰিমাণৰ ইৰেটিক এচিড। যি হার্টৰ বাবে মুঠেই ভাল নহয়। বেছি সৰিয়হৰ তেল বা মচলাদাৰ খাদ্য খালে মায়োকার্ডিয়েল লিপিডোচিছ হ’ব পাৰে। যিয়ে শৰীৰত অধিক পৰিমাণৰ ট্রাইগ্লিছাৰাইড সৃষ্টি কৰি হার্টৰ ক্ষতি কৰে। য’ৰ পৰা হৃদৰোগৰ সম্ভাবনা প্ৰবল থাকে।
হাওঁফাওঁৰ কেন্সাৰৰ সম্ভাবনা বাঢ়ে
ইৰেটিক এচিড হাওঁফাওঁৰ বাবেও অতি ক্ষতিকৰ। বেছি পৰিমাণত সৰিয়হৰ তেল খালে প্রথমে হাওঁফাওঁৰ ওপৰৰ অংশ ক্ষতিগ্রস্ত হয়। সেই ক্ষতি ৰোধ নকৰিলে লাহে লাহে হাওঁফাওঁ আৰু বেয়া হয়। যাৰ ফলত কেন্সাৰ হ’ব পাৰে।
জ্বলা-পোৰা ভাব
সৰিয়হৰ তেল পৰিশোধন কৰিলেই তাত সৃষ্টি হয় ক্ষতিকৰ যৌগ এলাইল আইছ’থিয়োকানেট। যাৰ ফলত মুখ জ্বলা-পোৰা কৰে। তাৰ লগতে হাওঁফাওঁ, গেষ্ট্ৰইনটেইনাল ত্ৰেক্ট প্রভৃতিত প্রদাহ সৃষ্টি কৰে।
ছালৰ ক্ষেত্রত ক্ষতিকৰ
ছালৰ ওপৰত সৰিয়হৰ তেলৰ যথেষ্ট ক্ষতিকৰ প্রভাব আছে। সৰিয়হৰ তেলে এপিডার্মিছৰ ক্ষতি কৰি ছালৰ জলীয় অংশৰ পৰিমাণ কমাই দিয়ে। তাৰ লগতে এপিডার্মাল কেৰাটিনোছাঅটবোৰৰ গঠনগত পৰিবর্তনো ঘটে। যাৰ ফলত ছাল খোপোকা পৰে। যাৰ কাৰণে শিশুসকলক সৰিয়হৰ তেলেৰে মালিচ কৰা এৰাই চলাৰ পৰামর্শ দিয়ে চিকিৎসকসকলে।
গর্ভাৱস্থাত
হ’বলগীয়া মাতৃক বেছি মচলাদাৰ খাদ্যৰ লগতে সৰিয়হৰ তেলো খাবলৈ বাৰণ কৰা হয়। কাৰণ ইয়াত বহু পৰিমাণে ক্ষতিকৰ ৰাসায়নিক যৌগ থাকে। যিয়ে ভ্রূণৰ গঠনত বাধা দিয়ে। তাৰ লগতে ৰাসায়নিক যৌগৰ প্রভাবত গর্ভপাতো হ’ব পাৰে।













