স্বাস্থ্য প্ৰতিবেদন:
আমাৰ দেহৰ মুঠ ওজনৰ দুই-তৃতীয়াংশ পানী। ইয়াৰ দ্বাৰা আমি প্রচুৰ পুষ্টি লাভ কৰো। ইয়াৰ উপৰি শৰীৰত থকা ক্ষতিকাৰক উপাদানবোৰো ইয়াৰ দ্বাৰা সহজে আঁতৰাব পৰা যায়। নিয়মিত পানী খালে আমি শৰীৰৰ ওজন বৃদ্ধি ৰোধ কৰাৰ লগতে বহু ৰোগৰ পৰা আঁতৰি থাকিব পাৰো।
১. পুৱা খালী পেটত প্রথমে পানী খালে শৰীৰত থকা টক্সিন সহজে দূৰ হয়। ৰক্ত পৰিষ্কাৰ হয়, ফলত নিজৰ মুখত ইয়াৰ প্রথম প্রভাৱ দেখা পোৱা যায়। এক অন্য ধৰণৰ আভা আৰু সৌন্দর্য মুখলৈ আহে।
২. আপুনি যদি কোষ্ঠকাঠিন্যৰ সমস্যাত পৰি আছে, পুৱা টোপনিৰ পৰা উঠাৰ লগে লগে খালী পেটত কমপক্ষেও দুই-তিনি গিলাচ পানী খোৱাৰ অভ্যাস কৰক। কেইসপ্তামানৰ বাবে ইয়াক অনুসৰণ কৰক, যাৰ ফলত আপুনি উপকাৰ অনুভৱ কৰিব। পেট পৰিষ্কাৰ হোৱাৰ পিছত, আপুনি যি খাব তাতে শৰীৰৰ সম্পূৰ্ণ উপকাৰ পাব। ইয়াৰ উপৰি কোষ্ঠকাঠিন্য দূৰীকৰণৰ দ্বাৰা অন্যান্য গুৰুতৰ ৰোগবোৰো এৰাই চলিব পাৰে।
৩.যদি আপুনি শীঘ্ৰে ওজন হ্রাস কৰিব বিচাৰে পুৱা টোপনিৰ পৰা উঠি পানী খোৱাৰ অভ্যাস কৰক। ই বিপাক ক্ৰিয়াৰ উন্নতি কৰে, যিয়ে ওজন হ্রাস আৰু স্থূলত্বৰ ক্ষেত্রত অতি গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।
৪. পুৱা পানী খালে ঋতুস্রাব, প্রস্রাব, ডিঙি আৰু কিডনি সম্পর্কিত সমস্যাৰ পৰা মুক্তি পোৱা যায়।
৫. পুৱা টোপনিৰ পৰা উঠি পানী খালে শৰীৰত নতুন কোষ সৃষ্টি কৰে। মাংসপেশীত যদি কোনো ধৰণৰ ব্যথা হয় তাৰ পৰাও মুক্তি পোৱা যায়।













