স্বাস্থ্য প্ৰতিবেদন:
মুখত দুর্গন্ধ, অস্বাস্থ্যকৰ নিশ্বাসে যেনেদৰে লাজত পেলায়, তেনেদৰে ক্ষতি কৰে স্বাস্থ্যৰো। বেছিভাগ সময়তেই আমাৰ সৰু-সুৰা বদঅভ্যাস, অনিয়মৰ কাৰণে নিশ্বাসত দুর্গন্ধৰ সমস্যাই দেখা দিয়ে। মুখত দুৰ্গন্ধ থাকিলে কাৰোবাৰ ওচৰলৈ যোৱাৰ আগতে ইয়াৰ বাবে হীনমন্যতাত ভুগিবলগা হয়। কিছু বদঅভ্যাস বা শাৰীৰিক কিছু বিসংগতিৰ বাবে মুখত দুর্গন্ধ হয়।
কি কি কাৰণত মুখৰ দুৰ্গন্ধ হ’ব পাৰে?
১। দাঁতত কেভিটি
২। দাঁতৰ ফাঁকত খাদ্য সোমাই থকা
৩। উঠা-নমা দাঁতৰ গঠন
৪। অপৰিষ্কাৰ দাঁত
৫। অপৰিষ্কাৰ জিভা
ইয়াৰ উপৰি অভ্যাসগত আৰু শাৰীৰিক কিছু কাৰণৰ বাবেও মুখৰ গোন্ধ ওলাব পাৰে।
১। বহু সময় খালী পেটে থকা
২। খাদ্য সঠিকভাবে চোবাই নোখোৱা
৩। নাড়িৰ সমস্যা
৪। ডিহাইড্রেচন
৫। ভিটামিনৰ অভাৱ
৬। ডায়েবেটিছ
৭। লিভাৰৰ অসুখ
৮। হার্নিয়া
মুখৰ দুর্গন্ধ দূৰ কৰাৰ কিছু ঘৰুৱা বিধান জানক :
১। দালচেনি- দালচেনিত ছিনামিক এলডিহাইড থাকে। এই অপৰিহাৰ্য তেলে মুখৰ বেক্টেৰিয়া কমাই বেয়া গোন্ধ ৰোধত সহায় কৰে। এক কাপ পানীত এক চামুচ দালচেনি গুড়ি উতলাই সেই পানীৰে দিনত দুবাৰ মুখ ধোৱক। এই পানীত তেজপাতো মিহলাব পাৰে।
২। মেথি- মুখৰ যিকোনো সংক্ৰমণ আঁতৰোৱাত অব্যর্থ মেথি। এক কাপ পানীত এক চাহ চামুচ মেথি দি উতলাই চেকি এই চাহ দিনত এবাৰ খালে মুখৰ গোন্ধ দূৰ হ’ব।
৩। লং- মুখৰ ভিতৰত কেইটামান লং ভৰাই ৰাখক। চোবাই থাকিলে লঙৰ ৰসে মুখৰ দুর্গন্ধ দূৰ কৰিব। এক কাপ পানীত এক চাহ চামুচ লং দি পাঁচৰ পৰা ১০ মিনিট উতলাওক। দিনত দুবাৰ এই লং চাহ খাওক।
৪। নেমুৰ ৰস- এক কাপ পানীত এক টেবুল চামুচ নেমুৰ ৰস, নিমখ মিহলাই মুখ ধোৱক। মুখ শুকাই নাযায়, দুর্গন্ধও আঁতৰ হ’ব।
৫। এপল ছিডাৰ ভিনেগাৰ- খাদ্য খোৱাৰ আগতে এক গিলাচ পানীত এক টেবুল চামুচ ভিনেগাৰ মিহলাই খাওক। ইয়াৰ ফলত হজম ভাল হ’ব, দুর্গন্ধও কাটিব। এই পানীৰে গার্গলো কৰক।
৬। বেকিং চ’ডা- এক গিলাচ গৰম পানীত আধা চাহ চামুচ বেকিং চ’ডা মিহলাই ভালদৰে কুলুকুলু কৰি মুখ ধোৱক। বেকিং চ’ডাৰে দাঁত মাজিলেও উপকাৰ পাব।
৭। চাহ- চাহে খুব ভাল এন্টিঅক্সিডেন্টৰ কাম কৰে। গাখীৰ নিদিয়া চাহ বা হাৰ্বেল টি খালে মুখৰ দুর্গন্ধ দূৰ হ’ব।














