স্বাস্থ্য প্ৰতিবেদন:
মৌৰ গুণাগুণৰ কোনো শেষ নাই। প্রাকৃতিক খাদ্যৰ পৰা ঔষধ সকলোতেই ব্যৱহাৰ হয় মৌৰ। মৌ খালে চর্দি-কাহৰ সমস্যা এৰাব পৰা যায়। দেহত ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি পায়। কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা হার্টৰ সমস্যা, সকলোতে অতি ভাল কাম কৰে মৌৱে।
কিন্তু বিভিন্ন কোম্পানীৰ মৌৰ নমুনা সংগ্রহ কৰি দেখা গৈছে তাত চেনিৰ পৰিমাণ বহু বেছি। কিন্তু কেনেদৰে চিনিব খাঁটি মৌ?
ফ্রিজিং পৰীক্ষামৌ ফ্রিজত ৰাখি আচল নে নকল সেয়া নির্ণয় কৰিব পৰা যায়। খাঁটি মৌ গোট নামাৰে। ভেজাল মৌ ফ্রিজত ৰাখিলে সম্পূৰ্ণ নহ’লেও আধা হ’লেও দানা বান্ধিব।
মৌৰ শুদ্ধতা আঙুলিৰ সহায়তো জানিব পৰা যায়। বুঢ়া আঙুলিত সামান্য মৌ লওক৷ যদি সেয়া বেছি আঠা আঠা অনুভৱ হয় তেতিয়াহ’লে বুজিব এয়া প্ৰকৃত মৌ।
দ্রাব্যতা পৰীক্ষা
এটি স্বচ্ছ গিলাচত পানী লওক। এইবাৰ সম্পূৰ্ণ এক গিলাচ পানীত এক টেবুল চামুচ পৰিমাণৰ মৌ দিয়ক। যদি মৌ পানীত সম্পূৰ্ণভাৱে দ্রবীভূত হৈ যায় তেনেহ’লে ই ভেজাল মৌ। খাঁটি মৌত সৰু সৰু দানাৰ আকাৰ থাকে। সেয়া একোতেই সম্পূর্ণ দ্রবীভূত নহয়।
হাতৰ তলুৱাত লৈ
হাতৰ তলুৱাত মৌ লওক কেই ফোঁটামান। যদি দেখে যে সেয়া অন্যান্য তৰলৰ দৰেই বৈ গৈছে তেনেহ’লে জানিব সেই মৌ খাঁটি নহয়। খাঁটি মৌ বাগৰি নাযায়। এঠাইতে গোট মাৰি থাকিব।
ভিনেগাৰ পৰীক্ষা
দুই-তিনি ফোঁটা ভিনেগাৰ আৰু পানী মৌৰ সৈতে মিহলাই জোকাৰি লওক। মিহলোৱাৰ পিছত যদি ফেনৰ দৰে সৃষ্টি হয় তেনেহ’লে বুজিব ই নকল মৌ।














