নিউজ ডেস্কঃ
মঙ্গলবাৰৰ পৰা ব্রিটেইনত সাধাৰণ মানুহক টীকা দিয়া আৰম্ভ হৈছে। ফাইজাৰ কোম্পানীৰ টীকা দিয়া হৈছে। ভাৰতীয় কোম্পানীবোৰৰ টীকা উৎপাদনৰ কামো বহুখিনি আগুৱাইছে। সেই কাম চাবলৈয়ে আজি হায়দৰাবাদৰ দুটি কোম্পানীত উপস্থিত হ’ল ভাৰতত নিযুক্ত বিভিন্ন দেশৰ ৬৪ জন ৰাষ্ট্রদূত।
হায়দৰাবাদৰ ভাৰত বায়োটেক আৰু বায়োলজিকেল ই কোম্পানীৰ বিভাগলৈ গৈছে দলটো। তাত তেওঁলোকৰ উৎপাদিত টীকা সন্দৰ্ভত বিভিন্ন তথ্য জানিব। যোৱা মাহতেই ১৯০টি দূতাবাসৰ প্রধান আৰু আন্তর্জাতিক সংগঠনৰ প্রতিনিধিসকলে দেশখনত উৎপাদিত কোভিড টীকা সন্দৰ্ভত বিভিন্ন তথ্য দাঙি ধৰিছে বিদেশ মন্ত্ৰালয়ে।
ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিছার্চ (আইচিএমআৰ)ৰ সহায়ত টীকা তৈয়াৰৰ কাম চলাইছে ভাৰত বায়োটেকে। সেই টীকাৰ ট্রায়েলৰ কাম প্রায় অন্তিম পৰ্যায়ত। সোমবাৰে টীকা প্ৰদানৰ বাবে কেন্দ্রীয় অনুমতি-পত্রও বিচাৰিছে ভাৰতীয় কোম্পানীটোৱে।
আনহাতে, বায়োলজিকেল ই কোম্পানীয়ে তৈয়াৰ কৰে কোভিড টীকাৰ ট্রায়েল আৰম্ভ হৈছে নৱেম্বৰত। সহায় কৰিছে হিউষ্টনৰ বেলৰ কলেজ অব মেডিচিনে। ফেব্রুৱাৰীত ফলাফল হাতলৈ আহিব। ২৮ নৱেম্বৰত দেশৰ তিনিখন চহৰৰ টীকা উৎপাদন কোম্পানী পৰিদৰ্শন কৰি কাম পর্যবেক্ষণ কৰে প্রধানমন্ত্রীয়ে।