স্বাস্থ্য প্ৰতিবেদন:
স্বাস্থ্যৰ বাবে ডাবৰ পানী যে অত্যন্ত উপকাৰী, সেই কথা আমি সকলোৱেই জানো। ডাবৰ পানী খালে পোৱা যায় শক্তিও। সেই কাৰণে ইয়াৰ ‘স্প’র্টছ ড্রিংক’ বা ‘এনার্জি ড্রিংক’ হিচাবেও ব্যৱহাৰ হয়। ডাবৰ পানীত কেলৰিৰ পৰিমাণ অতি কম। ইয়াত আছে প্রচুৰ পৰিমাণে প্রাকৃতিক এনজাইম আৰু খনিজ পদার্থ।
ডাবৰ পানীত আছে পটাছিয়াম, ফাইবাৰ আৰু প্রোটিন। এই কাৰণেই ওজন কমোৱাৰ বাবে আদর্শ পানীয় হ’ল ডাবৰ পানী। যদিও দিনৰ যিকোনো সময়তে ডাবৰ পানী খাব পাৰি, তথাপি সঠিক সময় মানি ডাবৰ পানী খালে ইয়াৰ উপকাৰ দুগুণ পোৱা যাব।
ডাবৰ পানীত থাকে প্রচুৰ পৰিমাণে মিনাৰেল আৰু ভিটামিন। এইবোৰে আপোনাৰ শৰীৰক পুষ্ট কৰিব আৰু শক্তি দিব। দিনত এবাৰ ডাবৰ পানী খালেও সম্পূৰ্ণ দিন আমাক সতেজ আৰু হাইড্রেটেড কৰি ৰখাত সহায় কৰে। অৱশ্যে আপুনি যদি ওজন কমাব বিচাৰে, তেনেহ’লে অন্য কোনো ফলৰ ৰসৰ সলনি ডাবৰ পানী খাওক।
কাৰণ অন্য যিকোনো ফলৰ ৰসতকৈ ডাবৰ পানীত খনিজ পদার্থ বেছি আছে। অন্যান্য ফলৰ ৰসতকৈ ডাবৰ পানীৰ কেলৰিৰ পৰিমাণো কম। ইয়াত অন্যান্য ফলৰ ৰসৰ তুলনাত কম মাত্রাত শর্কৰা আছে।
ডাবৰ পানী দিনটোৰ যিকোনো সময়তে খাব পাৰে। আনকি ৰাতিও ডাবৰ পানী খাব পাৰে। কিন্তু পুৱা উঠি খালী পেটত ডাবৰ পানী খোৱাটো সকলোতকৈ ভাল। এইটো বিভিন্ন ধৰণে স্বাস্থ্যৰ বাবে উপকাৰী। ডাবৰ পানীত লৰিক এচিড থাকে।
সেয়ে খালী পেটত ডাবৰ পানী খালে শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বাঢ়ে আৰু মেটাবলিজিম বাঢ়ে। সেয়ে পুৱা খালী পেটত ডাবৰ পানী খোৱাটো ওজন কমোৱাৰ বাবে অত্যন্ত উপকাৰী। ডিহাইড্রেচন আৰু কনষ্টিপেচনৰ সমস্যা থাকিলেও ডাবৰ পানী খোৱাটো খুবেই ভাল।