স্বাস্থ্য প্ৰতিবেদন:
জামুত আছে বহু পুষ্টিকৰ উপাদান। ইয়াত আছে ভিটামিন চি, কে, বি-৬, ফলেট, পটাচিয়াম প্রভৃতি। ইয়াৰ উপৰি এই ফলত আছে এন্টিঅক্সিডেন্ট, যিয়ে আমাৰ শৰীৰৰ লগতে ছালকো ভালে ৰাখে।
১) হাড়ৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্রত জামুৰ বিকল্প একো নাই। জামুত আছে ভিটামিন কে, ফছফৰাছ, জিংক, মেগনেচিয়াম, আয়ৰন প্রভৃতি উপাদান। এই উপাদানবোৰে হাড়ৰ স্বাস্থ্য উন্নতিৰ ক্ষেত্রত সহায় কৰে।
২) কেইবা গৱেষণাত প্রমাণিত হৈছে যে এক বাটি জামুই ৰক্তৰ শর্কৰা নিয়ন্ত্রণত সহায় কৰে। প্রতিদিনে যদি এবাটিকৈ জামু খোৱা হয় তেনেহ’লে ইনছুলিনৰ কর্মক্ষমতা বৃদ্ধি পায়। ফলত ৰক্তত শর্কৰাৰ পৰিমাণ বৃদ্ধি বা হ্রাসৰ কোনো আশঙ্কা নাথাকে।
৩) হৃদৰোগক দূৰৈত ৰাখিব পাৰে জামুই। ইভেলি জিৰ যিবোৰ উপাদান আছে সেইবোৰে শৰীৰৰ বেয়া কলেষ্টেৰলৰ মাত্রা কমাই ৰক্তচাপ নিয়ন্ত্রণত ৰাখে। সেয়ে এই ফল খোৱাৰ ফলত হার্টৰ অসুখৰ পৰা দূৰৈত থাকিব পৰা যায়।
৪) চুলি পকা সমস্যাৰ অব্যর্থ ঔষধ হ’ল জামু। এই ফলবিধে চুলিত জমা হৈ থকা মৃত কোষবোৰক আঁতৰাই চুলিৰ স্বাস্থ্যৰ উন্নতি ঘটায়।